By signing in you confirm you are 18 or older, or have your parent’s or guardian’s consent.

CTET 8 Feb 2026 Paper 1 Assamese Language Question Paper with Answer Key

Passage

নিৰ্দেশ ঃ তলত দিয়া ৰছনাখণ্ড মনোযোগেৰে পঢ়ক আৰু তাৰ পৰা দিয়া বৈকল্পিক উত্তৰৰ প্ৰশ্নসমূহৰ (প্ৰশ্ন নং 91 -ৰ পৰা 99 লৈ) আটাইতকৈ শুদ্ধ উত্তৰটো নিৰ্বাচন কৰি উত্তৰ কৰক।

মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ উচ্চতম গিৰিশৃংগ বুলি জানো, কিন্তু শৃংগটো বগুৰা দূৰৰ কথা - এশ ক্ৰোশ দূৰৰ পৰাও আজিলৈকে শৃংগটো দেখি পোৱা নাই। ঠিক সেইদৰে এডৱাৰ্ড গিবনক পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ঐতিহাসিক বুলি জানো, কিন্তু বিক্ষিপ্ত দুই-এটা উদ্ধৃতিৰ বাহিৰে তেওঁৰ অবিনাশী কীৰ্তিস্তম্ভ ‘ডি ডিক্লাইন এণ্ড ফল অব ডি ৰোমান এম্পায়াৰ’ নামৰ মহাগ্ৰন্থৰ এটা পৃষ্ঠাও মই আজিলৈকে পঢ়ি পোৱা নাই। (মৰাৰ আগতে পঢ়িম বুলি আশা কৰিছোঁ।) গিবনৰ ৰচনাৰ লগত অকণো পৰিচিত নোহোৱাকৈ মইনো তেন্তে তেওঁৰ বিষয়ে কি লিখিবলৈ ওলাইছোঁ ?

দাৰ্শনিক শ্বপেনহাৱাৰে কৈছিল যে পৃথিৱীত এতিয়ালৈকে যিমানবোৰ কিতাপ ৰচিত হৈছে সেইবোৰৰ ভিতৰত মাত্ৰ কেইখনমানহে পঢ়িবৰ যোগ্য। মই শ্বপেনহাৱাৰৰ লগত একমত নহওঁ। কিন্তু যদি ধৰিও লোৱা হয় যে মাত্ৰ কেইখনমান কিতাপহে পঢ়িবৰ যোগ্য, সেইকেইখন কিতাপ পঢ়িবলৈকো মাত্ৰ এটা জীৱনত সময় হয়নে ?

এইখিনিতে লৰেঞ্চ ডাৰেলৰ কথা মনত পৰিছে। ‘আলেকজেণ্ড্ৰিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাসমালাৰ লেখক ডাৰেল। এবাৰ তেওঁ কাৰোবাৰ অনুৰোধত পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ এশখন কিতাপৰ এখন তালিকা প্ৰস্তুত কৰিছিল। তেওঁৰ সেই তালিকাত মিল্টনৰ ‘পেৰাডাইজ লষ্টে’ও ঠাই পাইছিল। কিন্তু ডাৰেলে স্বীকাৰ কৰিছে যে তেওঁ ‘পেৰাডাইজ লষ্ট’ কেতিয়াও পঢ়া নাই!

ময়ো হয়তো গিবনৰ ‘ডিক্লাইন এণ্ড ফল’ নপঢ়াকৈয়ে কিতাপখন ‘এশখন সৰ্বশ্ৰেষ্ঠ কিতাপ’ৰ তালিকাত ঠাই দিব পাৰিলোঁহেঁতেন আৰু তাৰ কাৰণে মোক অকণো দোষে চুব নোৱাৰিলেহেঁতেন। কিন্তু ‘এশখন সৰ্বশ্ৰেষ্ঠ কিতাপ’ৰ তালিকা প্ৰস্তুত কৰা মোৰ উদ্দেশ্য নহয় আৰু সেই কাম কৰিবলৈ মোক কোনেও কোৱাও নাই। একোজন মানুহে এনে এখন মহাগ্ৰন্থ কেনেকৈ অকলেই ৰচনা কৰিব পাৰে আৰু সেই অমানুষিক পৰিশ্ৰমৰ বিনিময়ত তেওঁ কি পায়— কেৱল সেই কথা জনাটোৱেই মোৰ উদ্দেশ্য।

প্ৰথমে গিবনৰ জীৱনৰ এটি চমু পৰিচয় দি লোৱাটো বোধহয় ভাল হ’ব। যিজন মানুহ পিছৰ জীৱনত পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ঐতিহাসিক বুলি পৰিচিত হৈছিল আৰু যাৰ অনুপম গদ্যশৈলীয়ে দুশ বছৰ ধৰি অগণিত পাঠকক মন্ত্ৰমুগ্ধ কৰি ৰাখিছে, সেই এডৱাৰ্ড গিবনে (১৭৩৭ - ১৭৯৪) ছাত্ৰাৱস্থাত কোনো অসাধাৰণ বুদ্ধিমত্তাৰ পৰিচয় দিব পৰা নাছিল। ক’বলৈ গ’লে ছাত্ৰ হিচাপে তেওঁ আছিল অতি সাধাৰণ বিধৰ ল’ৰা। পোন্ধৰ বছৰ বয়সত তেওঁ অক্সফোৰ্ডৰ মেগ্‌ডালেন কলেজত ভৰ্তি হয়। জগদ্বিখ্যাত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ তেতিয়া কিন্তু অতি শোচনীয় অৱস্থা। পঢ়া-শুনা বিশেষ নহয় বুলিয়েই ক’ব পাৰি। কিন্তু অধ্যাপকসকলৰ পৰা বিশেষ সহায় নাপালেও গিবনে নিজে প্ৰচুৰ কিতাপ পঢ়িছিল। ৰোমান সাম্ৰাজ্য যেনেকৈ একেদিনাই গঢ়ি উঠা নাছিল, ঠিক তেনেকৈ ৰোমান সাম্ৰাজ্যৰ ইতিহাস ৰচনাও জানো সুদীৰ্ঘ প্ৰস্তুতিৰ অবিহনে সম্ভৱ ? সি যি কি নহওক, গিবন অক্সফোৰ্ডত থাকোঁতেই এটা ঘটনা ঘটিল। তেওঁ প্ৰটেষ্টাণ্ট ধৰ্মমত ত্যাগ কৰি ৰোমান কেথলিক ধৰ্মমতত দীক্ষিত হ’বলৈ মন মেলিলে। তেওঁৰ মতি গতি দেখি তেওঁৰ অভিভাৱকসকল আতঙ্কিত হৈ তেওঁক কলেজৰপৰা নাম কটাই এৰুৱাই আনিলে আৰু জোৰকৈ ছুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠাই দিলে। নিশ্চয় সেইটোৱেই আছিল বিধাতাৰো অভিপ্ৰেত, কাৰণ এডৱাৰ্ড গিবনে তেওঁৰ যৌৱনৰ সৰ্বশ্ৰেষ্ঠ বছৰকেইটা লুছানত অতিবাহিত নকৰা হ’লে তেওঁ গিবন হ’লহেঁতেননে নাই সেই বিষয়ে সন্দেহ আছে।

Q91

ঐতিহাসিক শব্দটোৰ প্ৰত্যয় ভাঙি দেখুওৱাক।

  1. (1) ঐত + ই + হাস্ + ইক্
  2. (2) ইতি + হাসিক
  3. (3) ঐতি + হাসিক
  4. (4) ইতিহাস + ইক্
See answer and solution
Q92

এডৱাৰ্ড গিবনৰ বিষয়ে তলত দিয়া উক্তিকেইটাৰ ভিতৰত কোনটো শুদ্ধ ?

  1. (1) গিবনে অক্সফোৰ্ডত থাকোঁতে কেথলিক ধৰ্মমত ত্যাগ কৰি প্ৰটেষ্টাণ্ট ধৰ্মমতত দীক্ষিত হ’ব বিচাৰিছিল
  2. (2) গিবনে ৰোমান সাম্ৰাজ্যৰ ইতিহাসৰ বিষয়ে গ্ৰন্থ ৰচনা কৰিছিল
  3. (3) গিবনে মাউণ্ট এভাৰেষ্ট গিৰিশৃংগ আৰোহণ কৰিছিল
  4. (4) গিবন আছিল অসাধাৰণ বুদ্ধিমত্তাৰ ছাত্ৰ
See answer and solution
Q93

“জগদ্বিখ্যাত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ তেতিয়া কিন্তু অতি শোচনীয় অৱস্থা।”
উদ্ধৃত বাক্যটোৰ ৰেখাংকিত শব্দটো হৈছে —

  1. (1) ব্যঞ্জনসন্ধি
  2. (2) উপসৰ্গ
  3. (3) জতুৱা ঠাঁচ
  4. (4) স্বৰসন্ধি
See answer and solution
Q94

“পৃথিৱীত এতিয়ালৈকে যিমানবোৰ কিতাপ ৰচিত হৈছে, সেইবোৰৰ ভিতৰত মাত্ৰ কেইখনমানহে পঢ়িবৰ যোগ্য।”
— উদ্ধৃত উক্তিটো কাৰ ?

  1. (1) উদ্ধৃত ৰছনাখণ্ডৰ লেখকৰ
  2. (2) লৰেন্স ডাৰেলৰ
  3. (3) শ্বপেনহাৱাৰৰ
  4. (4) এডৱাৰ্ড গিবনৰ
See answer and solution
Q95

‘অনুপম গদ্যশৈলী’ শব্দ দুটাত __________ ৰ প্ৰয়োগ হৈছে।

  1. (1) প্ৰত্যয়
  2. (2) সন্ধি
  3. (3) অব্যয়
  4. (4) বিশেষণ
See answer and solution
Q96

ৰছনাখণ্ডত ব্যৱহৃত ‘অবিনাশী’ শব্দটোৰ সমাৰ্থসূচক শব্দটো হৈছে —

  1. (1) শ্বাশ্বত
  2. (2) বিনাশ যি কৰে
  3. (3) কীৰ্তিস্তম্ভ
  4. (4) অবিস্মৰণীয়
See answer and solution
Q97

“. . . তাৰ কাৰণে মোক অকণো দোষে চুব নোৱাৰিলেহেঁতেন।”
— উদ্ধৃত বাক্যটোত লেখকে কিহৰ কাৰণে তেওঁক দোষে চুব নোৱাৰাৰ কথা কৈছে ?

  1. (1) ‘ডিক্লাইন এণ্ড ফল’ কিতাপখন নপঢ়াৰ কাৰণে
  2. (2) ‘ডিক্লাইন এণ্ড ফল’ৰ বিষয়ে নজনাৰ কাৰণে
  3. (3) ‘ডিক্লাইন এণ্ড ফল’ নপঢ়াকৈয়ে কিতাপখন এশখন সৰ্বশ্ৰেষ্ঠ কিতাপৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ ওলোৱাৰ কাৰণে
  4. (4) ‘এশখন সৰ্বশ্ৰেষ্ঠ কিতাপৰ তালিকা’ প্ৰস্তুত কৰিব নোৱাৰাৰ কাৰণে
See answer and solution
Q98

‘আলেকজেণ্ড্ৰিয়েন কোৱাৰ্টেট’-ৰ লেখক কোন ?

  1. (1) লৰেঞ্চ ডাৰেল
  2. (2) শ্বপেনহাৱাৰ
  3. (3) মিল্টন
  4. (4) এডৱাৰ্ড গিবন
See answer and solution
Q99

গিবনক কোনে জোৰকৈ লুছান চহৰলৈ পঠাই দিছিল ?

  1. (1) অক্সফোৰ্ডৰ অধ্যাপকসকলে
  2. (2) ৰোমান কেথলিক বৰমূৰীয়াসকলে
  3. (3) গিবনৰ অভিভাৱকসকলে
  4. (4) ছুইজাৰলেণ্ডৰ বাসিন্দা কিছুমানে
See answer and solution

Passage

নিৰ্দেশ ঃ তলত দিয়া পদ্যটো পঢ়ি তাৰ তলত দিয়া প্ৰশ্নসমূহৰ (প্ৰশ্ন নং 100-ৰ পৰা 105 লৈ) আটাইতকৈ শুদ্ধ বিকল্পটো বাচি উলিয়াওক।

নিৰল নাম-গোন্ধে প্ৰাণ কোমলাই,
ফুলনিৰ এচুকত মুখ আমোলাই,
ফুলি ফুলি এটি পাহি কাব্য কাননত,
হৰিছিল কবি প্ৰাণ থাকি নিজানত।
সৰ্বগুণে বিভূষিতা অতুলনা সীতা;
আৰু দুটি ৰূপৱতী জনক দুহিতা;
কৌশল্যা, কৈকেয়ী, সৰু সুমিত্ৰা সুন্দৰী,
সৌভাগ্য কিৰীটি পিন্ধা তিনি পটেশ্বৰী;
সাৱিত্ৰী, দ্ৰৌপদী, দময়ন্তী, জয়মতী;
ৰম্ভা, মন্দোদৰী, তাৰা, সতী, লীলাৱতী;
সৰমা, ৰুক্মিনী, ঊষা কত নাৰী-ফুল,
প্ৰকাশ্যে ফুলাই নৰ কৰিলে আকুল।
সুচতুৰ স্বৰ্গী কবি, স্বৰ্গৰ কাৰণে,
উৰ্মিলা পাহিটি থাকে অৰ্দ্ধেক গোপনে।

Q100

উদ্ধৃত পদ্যটিত কবিতাৰ কোনবিধ অলংকাৰৰ প্ৰয়োগ হৈছে ?

  1. (1) যমক
  2. (2) শ্লেষ
  3. (3) অনুপ্ৰাস
  4. (4) পুনৰুক্ত বদাভাস
See answer and solution
Q101

‘ফুলনিৰ এচুকত মুখ আমোলাই’ ফুলি থকা পাহিটোৱে কি কৰিছিল ?

  1. (1) নিজানত থাকি কবিৰ প্ৰাণ হৰিছিল
  2. (2) সৰ্বগুণে বিভূষিতা হৈছিল
  3. (3) ফুলনিৰ এচুকৰ পৰা ওলাই আহিছিল
  4. (4) বৰ্ষা আহ্বান কৰিছিল
See answer and solution
Q102

কবিতাটো কবিয়ে মূলতঃ কাৰ বিষয়ে লিখিছে ?

  1. (1) উৰ্মিলাৰ বিষয়ে
  2. (2) সীতাৰ বিষয়ে
  3. (3) কাব্য কানন আৰু কবি প্ৰাণৰ বিষয়ে
  4. (4) ফুলনি আৰু ফুলৰ বিষয়ে
See answer and solution
Q103

কোনগৰাকী পুৰাকথাভিত্তিক নাৰীৰ উল্লেখ উদ্ধৃত পদ্যটোত নাই ?

  1. (1) সতী
  2. (2) কুন্তী
  3. (3) দ্ৰৌপদী
  4. (4) সৰমা
See answer and solution
Q104

“সৌভাগ্য কিৰীটি পিন্ধা তিনি পটেশ্বৰী”
এই বাক্যটোত তিনি পটেশ্বৰী বুলি কৈ কাক বুজাইছে ?

  1. (1) কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰাক
  2. (2) উৰ্মিলা, সুমিত্ৰা আৰু সীতাক
  3. (3) ৰম্ভা, মন্দোদৰী আৰু তাৰাক
  4. (4) জনক ৰজাৰ দুহিতা কেইগৰাকীক
See answer and solution
Q105

‘অৰ্দ্ধেক গোপনে’ ফুলা ফুল পাহি বুলি কবিয়ে কাৰ কথা কৈছে ?

  1. (1) ৰুক্মিনীৰ কথা
  2. (2) ঊষাৰ কথা
  3. (3) জয়মতীৰ কথা
  4. (4) উৰ্মিলাৰ কথা
See answer and solution
Q106

উক্তি (A) ঃ শ্ৰেণীকোঠাৰ শিকন অভিজ্ঞতাসমূহ শিশুৰ জীৱন আৰু তাৰ প্ৰসংগসমূহৰ সৈতে গভীৰভাবে সম্পৰ্কিত।
যুক্তি (R) ঃ শিশুৰ পূৰ্ব-অভিজ্ঞতাৰ ভেঁটিতে শিকন অভিজ্ঞতাসমূহৰ পৰিকল্পনা কৰা হয়।
তলত দিয়া বিকল্পকেইটাৰ আটাইতকৈ শুদ্ধটো বাছি উলিওৱাঁ।

  1. (1) (A) আৰু (R) দুয়োটাই শুদ্ধ, কিন্তু (R), (A)-ৰ শুদ্ধ ব্যাখ্যা নহয়
  2. (2) (A) শুদ্ধ, কিন্তু (R) অশুদ্ধ
  3. (3) (A) অশুদ্ধ, কিন্তু (R) শুদ্ধ
  4. (4) (A) আৰু (R) দুয়োটাই শুদ্ধ, আৰু (R) হৈছে (A)-ৰ শুদ্ধ ব্যাখ্যা
See answer and solution
Q107

ভাষা শিকাৰ ক্ষেত্ৰত তলত দিয়া কোনটো শুদ্ধ নহয় ?

  1. (1) ভাষা শিকিবলৈ সময় লাগে।
  2. (2) ভাষা শিকা হৈছে অৰ্থ নিৰ্মাণ কৰা।
  3. (3) ভাষা এটা শিকিবলৈ হ’লে ব্যাকৰণ শিকাটো প্ৰয়োজনীয়।
  4. (4) ভাষা এটাৰ সৈতে পৰ্যাপ্ত পৰিমাণে জড়িত হোৱাৰ সুযোগ পালে সকলো শিকাৰুৱে ভাষাটো শিকিব পাৰে।
See answer and solution
Q108

ছাত্ৰ-ছাত্ৰীয়ে দোকান এখনলৈ গৈ কিবা কিনিবৰ কাৰণে প্ৰয়োজন হোৱা কাৰ্যকৰী ভাষ্য ব্যৱহাৰ কৰিব পাৰিব নে নাই সেয়া জানিবৰ কাৰণে কি কৰা উচিত ?

  1. (1) তেওঁৰ খাদ্যৰ অগ্ৰাধিকাৰৰ বিষয়ে লিখা
  2. (2) দোকানী আৰু গ্ৰাহকৰ এটা চুটি গল্প পঢ়া
  3. (3) দোকানী আৰু গ্ৰাহকৰ এখন চিত্ৰ অংকন কৰা
  4. (4) দোকানী আৰু গ্ৰাহকৰ মাজত হোৱা কথোকথনৰ চুটি সংলাপ লিখা
See answer and solution
Q109

বিজ্ঞানৰ ধাৰণা কিছুমানৰ বিষয়ে এটা পাঠ এটা বুজি লৈ পঢ়োতে কিছুমান ছাত্ৰ-ছাত্ৰীয়ে ভাষা শিকনৰ কিছুমান দিশ লক্ষ্য কৰিছে। তেওঁ বিশেষ দিশ কিছুমানত অসুবিধা পোৱা ছাত্ৰ-ছাত্ৰী কেইজন বাচি উলিয়াইছে আৰু সিহঁতক বুজি পোৱাকৈ পঢ়াত সহায় কৰিবলৈ সুকীয়াকৈ শ্ৰেণী লৈছে। এই শিক্ষণ অনুশীলনটো হৈছে —

  1. (1) উচ্চস্তৰীয় অন্যান্য কৌশল বা দক্ষতা
  2. (2) চিন্তাৰ কৌশল
  3. (3) ফীড্‌বেক শিক্ষণ
  4. (4) নিদানমূলক (Remedial) শিক্ষণ
See answer and solution
Q110

তলত দিয়া কেইটাৰ ভিতৰত কোনটো পঠনৰ এক উপ-দক্ষতা নহয় ?

  1. (1) অচিনাকি ভাষা সামগ্ৰী বা পদ এটাৰ অৰ্থ আৰু প্ৰয়োগ নিৰ্ণয় কৰা
  2. (2) নিৰ্দিষ্টকৈ প্ৰয়োজনীয় তথ্য বাচি উলিয়াবৰ কাৰণে স্কেনিং কৰা বা সাৰ গ্ৰহণ কৰা
  3. (3) প্ৰতিটো শব্দৰে বানান জনা
  4. (4) শব্দভাণ্ডাৰ চিনি পোৱা, বীজ শব্দ বাচি লোৱা
See answer and solution
Q111

উক্তি (A) ঃ প’ৰ্টফলিঅ’ হৈছে ছাত্ৰ-ছাত্ৰীয়ে কৰা কামবোৰৰ উদ্দেশ্য প্ৰণোদিত সংগ্ৰহ।
যুক্তি (R) ঃ প’ৰ্টফলিঅ’ই ছাত্ৰ-ছাত্ৰীক নিজৰ নিজৰ সামৰ্থ আৰু দুৰ্বলতাবোৰ মূল্যায়ন কৰিবলৈ উৎসাহিত কৰে।
তলত দিয়া বিকল্পসমূহৰ আটাইতকৈ শুদ্ধটো বাছি উলিওৱাঁ।

  1. (1) (A) আৰু (R) দুয়োটাই শুদ্ধ, কিন্তু (R), (A)-ৰ শুদ্ধ ব্যাখ্যা নহয়
  2. (2) (A) শুদ্ধ, কিন্তু (R) অশুদ্ধ
  3. (3) (A) অশুদ্ধ, কিন্তু (R) শুদ্ধ
  4. (4) (A) আৰু (R) দুয়োটাই শুদ্ধ, আৰু (R) হৈছে (A)-ৰ শুদ্ধ ব্যাখ্যা
See answer and solution
Q112

এগৰাকী শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ শব্দভাণ্ডাৰ বৃদ্ধি কৰিবৰ কাৰণে এক বিশ্বাসযোগ্য আৰু ছাত্ৰ-ছাত্ৰীৰ কাৰণে সহজ হোৱাকৈ প্ৰস্তুত কৰা ভাষা সামগ্ৰী কৰিছে। এই শিক্ষণ সামগ্ৰীবিধ হৈছে —

  1. (1) ৰ’ল-কাৰ্ড
  2. (2) দ্বিভাষিক অভিধান
  3. (3) স্তৰ অনুসৰি পঠন পুথি
  4. (4) বাতৰি কাকত
See answer and solution
Q113

এগৰাকী শিক্ষকে ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ শিকন শৈলী আৰু অগ্ৰাধিকাৰৰ বিষয়ে জানিবৰ কাৰণে এখন প্ৰশ্নতালিকা দিছে। এইক্ষেত্ৰত শিক্ষকজনে কি ভূমিকা পালন কৰিছে ?

  1. (1) প্লেনাৰ
  2. (2) বিশেষজ্ঞৰ তথ্যৰ যোগানধৰোঁতা
  3. (3) নিৰ্ণায়ক বা নিদান দিওঁতা
  4. (4) মেনেজাৰ
See answer and solution
Q114

প্ৰথম মানৰ এগৰাকী শিক্ষকে ছাত্ৰ-ছাত্ৰীহঁতক সিহঁতৰ যি মন যায় তাকে দেৱালত আঁক-বাক কৰিবলৈ আৰু ছবি আঁকিবলৈ দিছে। এনে কৰাৰ দ্বাৰা শিক্ষকগৰাকীয়ে কি উৎসাহিত কৰিছে ?

  1. (1) আনন্দ আৰু হাস্যৰস
  2. (2) লিখন দক্ষতাৰ বিকাশ
  3. (3) বৰ্ণমালাৰ আখৰবোৰ লিখাৰ আৰম্ভণি কৰা
  4. (4) প্ৰাৰম্ভিক স্তৰৰ সাক্ষৰতা আৰু বিকাশ
See answer and solution
Q115

ছবি থকা কিতাপৰ ছবিবোৰৰ ক্ষেত্ৰত তলৰ কোনটো অশুদ্ধ ?

  1. (1) ছবিবোৰে শিশুৰ মনোযোগ ধৰি ৰাখে
  2. (2) ছবিবোৰ চাই শিশুৱেও তেনে ছবি অঁকাৰ সুযোগ দিয়ে
  3. (3) অচিনাকি আৰু মনত ৰাখিবলগা প্ৰসংগবোৰত ভাষা প্ৰকাশত সহায় কৰে
  4. (4) ছবিবোৰে বিষয়বস্তুক তুলি ধৰে
See answer and solution
Q116

কম বয়সীয়া শিকাৰুৰ ক্ষেত্ৰত তলত দিয়া কোনটো বিবৃতি শুদ্ধ ?

  1. (1) একেবাৰে কম বয়সীয়া শিকাৰুৱে বিমূৰ্ত ধাৰণাসমূহ বুজি পাবলৈ টান পায়।
  2. (2) একেবাৰে কম বয়সীয়া শিকাৰুৱে আংশিকভাৱে বিমূৰ্ত ধাৰণাসমূহ বুজি পায়।
  3. (3) বিমূৰ্ত ধাৰণাসমূহৰ দ্বাৰা একেবাৰে কম বয়সীয়া শিকাৰু অনুপ্ৰাণিত হয়।
  4. (4) বিমূৰ্ত ধাৰণাসমূহ একেবাৰে কম বয়সীয়া শিকাৰুৱে বুজি পায়।
See answer and solution
Q117

এগৰাকী শিক্ষক হিচাপে তোমাৰ শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ কথা-বতৰা তথা ভাব-বিনিময় বৃদ্ধি কৰিবৰ কাৰণে তলত দিয়া কোনটো পদক্ষেপ গ্ৰহণ কৰিবা ?
(a) ছাত্ৰ-ছাত্ৰীক অধিক প্ৰশ্ন কৰিবলৈ উৎসাহ যোগোৱা
(b) যুটীয়া আৰু দলবদ্ধ কৰ্ম কিছুমান কৰিবলৈ দি ছাত্ৰ-ছাত্ৰীসকলৰ মত সোধা
(c) ছাত্ৰ-ছাত্ৰীসকলক ডাঙৰ-ডাঙৰকৈ পাঠ পঢ়িবলৈ দিয়া আৰু প্ৰত্যেককে সহাৰি জনাবলৈ দিয়া, যাতে একক বা ব্যক্তি অনুসাৰে শিকন সম্ভৱ হয়
(d) সংলাপসমূহ এজনে আনজনক পঢ়িবলৈ দিয়া, যাতে ইজনে সিজনৰ সৈতে কথা হ’ব পাৰে আৰু ইজনে-সিজনক প্ৰশ্ন সুধিব পাৰে

  1. (1) (b), (c), (d) শুদ্ধ
  2. (2) (a), (b), (d) শুদ্ধ
  3. (3) (a), (c), (d) শুদ্ধ
  4. (4) (a), (b), (c) শুদ্ধ
See answer and solution
Q118

ভাষা বিকাশৰ বোধশক্তি সম্বন্ধীয় সূত্ৰ তথা Cognitive Theory-এ মত পোষণ কৰে যে —

  1. (1) পুৰস্কাৰ প্ৰদান আৰু শাস্তিবিধানৰ দ্বাৰা ভাষা শিকা হয়
  2. (2) সমাজৰ সৈতে কথা-বতৰা বা ভাব বিনিময়ৰ দ্বাৰা ভাষা শিকা হয়
  3. (3) শিশু এটাই মৌখিকভাবে কোৱাৰ আগতে ধাৰণাটো বুজি পোৱাটোৰ ওপৰত ভাষাৰ শিকন নিৰ্ভৰ কৰে
  4. (4) ভাষা প্ৰত্যেকৰে এক জন্মগত বা সহজাত দক্ষতা
See answer and solution
Q119

উক্তি (A) ঃ ভাষাই সাংস্কৃতিক সজাগতা আৰু প্ৰকাশভংগীৰ সমালোচনাত্মক দিশ গঢ়ি তোলে আৰু ই শিশুৰ বিকাশত এক প্ৰধান দক্ষতা হিচাপে স্বীকৃত।
যুক্তি (R) ঃ সাংস্কৃতিক সজাগতা আৰু প্ৰকাশভংগীৰ দক্ষতাই শিশুক নিজৰ পৰিচয়ৰ বিষয়ে সজাগ কৰাৰ লগতে আনৰ সংস্কৃতি আৰু পৰিচয়ক স্বীকৃতি তথা প্ৰশংসা কৰিবলৈ শিকায়।
তলৰ বিকল্পসমূহৰ পৰা আটাইতকৈ উপযুক্তটো বাছি উলিওৱাঁ।

  1. (1) (A) আৰু (R) উভয়ে শুদ্ধ, কিন্তু (R), (A)-ৰ সঠিক ব্যাখ্যা নহয়
  2. (2) (A) শুদ্ধ, কিন্তু (R) অশুদ্ধ
  3. (3) (A) অশুদ্ধ, কিন্তু (R) শুদ্ধ
  4. (4) (A) আৰু (R) উভয়ে শুদ্ধ, আৰু (R) হৈছে (A)-ৰ সঠিক ব্যাখ্যা
See answer and solution
Q120

পাঠ্যপুথিবোৰত গল্প, কবিতা, নাটক আৰু বিভিন্ন লেখকৰ বিভিন্ন ধৰণৰ লেখা থাকে। আমি এনেধৰণৰ সামগ্ৰী নিৰ্বাচন কৰা উচিত, কাৰণ সেইবোৰ —

  1. (1) পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যৰেই লিখা হয়।
  2. (2) বিখ্যাত লেখকৰ দ্বাৰা লিখা হয়।
  3. (3) সহজ ভাষাত লিখা হয়।
  4. (4) নিৰ্ভৰযোগ্য আৰু স্বাভাৱিক ভাষাৰ হয়।
See answer and solution

Passage

নিৰ্দেশ ঃ তলত দিয়া ৰছনাখণ্ড পঢ়ি তাৰ তলত দিয়া প্ৰশ্নসমূহৰ (প্ৰশ্ন নং 121-ৰ পৰা 128 লৈ) আটাইতকৈ উপযুক্ত বিকল্পটো নিৰ্বাচন কৰক।
বিহুৰ মাজেৰে অসমৰ ক্ৰীড়া অথবা খেলে শৈশৱত ভৰি দিলেও আহোম যুগত অসমৰ ক্ৰীড়াই গা কৰি উঠিছিল। আমি অসমত যদি ক্ৰীড়াৰ পৃষ্ঠপোষকতাৰ কথা কওঁ তেতিয়া হ’লে আহোম যুগক শ্ৰদ্ধা সহকাৰে সুঁৱৰিব লাগিব। আহোম স্বৰ্গদেউ অথবা ৰাজপৰিয়ালৰ পৰা খেলক যিদৰে পৃষ্ঠপোষকতা আগ বঢ়োৱা হৈছিল, সেয়া হয়তো আজিৰ চৰকাৰেও আগ বঢ়োৱা নাই। তাহানি এতিয়াৰ দৰে ক্ৰিকেট-ফুটবল আদি নাছিল। কিন্তু আছিল ম’হ যুঁজ, মাল যুঁজ, দৌৰা, তৰোৱাল খেল, শেন মেলা, ঘোঁৰা দৌৰ, কাঁড় খেল ইত্যাদি। আমি ম’হ যুঁজক বৰ্তমান স্পেইনৰ বাফেলো যুঁজ, তৰোৱাল খেলক ফেন্সিং, ঘোঁৰা দৌৰক ইকুৱেষ্ট্ৰিয়ান, কাঁড় খেলক আৰ্চাৰী, মাল যুঁজক ৰেষ্টলিং বুলি ক’ব পৰোঁ। এনেবোৰ খেলক ৰাজপৰিয়ালে অথবা আহোম শাসনকৰ্তাসকলে পৃষ্ঠপোষকতা আগ বঢ়াইছিল বিভিন্ন মাধ্যমেৰে। ৰজাঘৰে এই ক্ষেত্ৰত মুকলি মনেৰে কাম কৰি গৈছিল। তেতিয়াই বিশেষ বিশেষ খেলৰ বাবে বিষয়া, প্ৰশিক্ষক পৰ্যন্ত নিযুক্তি দি ক্ৰীড়াৰ প্ৰতি জনগণৰ মন আকৰ্ষণৰ প্ৰয়াস কৰিছিল। সেই কালৰ অন্যান্য ৰাজ্যসমূহত এনে কাৰ্যৰ বা আঁচনিৰ অভাৱ পৰিলক্ষিত হয়। এই দিশবোৰ পৰ্যালোচনা কৰাৰ আগেয়ে আমি উল্লেখ কৰাটো উচিত হ’ব যে এছিয়াৰ প্ৰথম স্প’ৰ্টছ পেভিলিয়ন অথবা ক্ৰীড়া পেভিলিয়নৰ কথা। এই পেভিলিয়নটো অন্য একো নহয়— অসমৰ সবাৰে পৰিচিত শিৱসাগৰৰ ৰূপহী পথাৰৰ ৰংঘৰ। ৰংঘৰে গৰ্বৰে সোঁৱৰায় আহোম যুগৰ ক্ৰীড়া প্ৰেমৰ কথা।

ৰংঘৰৰ লেখীয়া পেভিলিয়ন নিৰ্মাণৰ প্ৰচেষ্টা আৰম্ভ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই। কাঠৰ পাতেৰে এই পেভিলিয়ন নিৰ্মাণৰ বুনিয়াদ স্থাপন কৰিছিল। স্বৰ্গদেউ প্ৰমত্ত সিংহই ১৭৪৬ চনত ৰংঘৰক পূৰ্ণ ৰূপ দিয়ে। ৮৮ ফুট দৈৰ্ঘ্য আৰু ৩৬.৫ ফুট বহল পেভিলিয়নত একেলগে বহি আহোম ৰাজপৰিয়ালে উপভোগ কৰিছিল খেল আৰু বিহুৰ বিভিন্ন সমাৰোহৰ বহু উমাল মুহূৰ্ত। দুফুট মোটা ইটাৰে ইয়াৰ বেৰ নিৰ্মাণ কৰা হৈছিল। তেলাল মাছ, মাটি দাইল, কণী, চাউল আৰু অন্যান্য কিছুমান বস্তুৰ মিশ্ৰণক চিমেণ্ট হিচাপে ব্যৱহাৰ কৰা হৈছিল। এনেদৰেই নিৰ্মিত হৈছিল এছিয়াৰ প্ৰথমটো ক্ৰীড়া পেভিলিয়ন। এই পেভিলিয়ন নিৰ্মাণৰ পিছত কেইবাটাও বিধ্বংসী ভূমিকম্পই অসম জোকাৰি গৈছে; কিন্তু আঢ়ৈশ বছৰ অতিক্ৰমৰ পাছতো ই গুৰু-গম্ভীৰভাৱে গৌৰৱেৰে থিয় দি আছে। পৰৱৰ্তী কালত ৰংঘৰৰ কাষতে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই আন এটা পেভিলিয়ন নিৰ্মাণ কৰিছিল। ইংৰাজে ইয়াণ্ডাবু সন্ধিৰ আধাৰত অসমক শাসনলৈ অনাৰ পাছত বথাম উপাধিৰ এজন শাসনকৰ্তাই অসমৰ গৌৰৱ ৰংঘৰক নিশ্চিহ্ন কৰাৰ পৰিকল্পনা ৰচিছিল। ব্ৰিটিছে ১৩০০ টকাত স্থানীয় এজন ব্যক্তিক ৰংঘৰটো বিক্ৰী কৰিছিল। তেতিয়াই ইয়াক ভাঙি দিয়াৰ প্ৰয়াস কৰা হৈছিল বুলি পৰাগধৰ চলিহাৰ Aspects of Assamese Culture নামৰ গ্ৰন্থত উল্লেখ কৰা হৈছে। তথাপি ৰংঘৰে আজিও ৰূপহীপথাৰত গৌৰৱৰ চানেকি হৈ আহোম যুগৰ গৌৰৱপূৰ্ণ ক্ৰীড়া পৃষ্ঠপোষকতাৰ কথা সোঁৱৰাই আছে।

Q121

‘পৰিকল্পনা’ শব্দটোত __________ ৰ প্ৰয়োগ হৈছে।

  1. (1) উপসৰ্গ
  2. (2) সমাস
  3. (3) বিশেষণ
  4. (4) সন্ধি
See answer and solution
Q122

কোনে কাক ৰংঘৰটো তেৰশ টকাত বিক্ৰী কৰিছিল ?

  1. (1) স্বৰ্গদেউ প্ৰমত্ত সিংহই, বৃটিছক
  2. (2) বৃটিছে, স্থানীয় ব্যক্তি এজনক
  3. (3) স্বৰ্গদেউ ৰুদ্ৰসিংহই, বৃটিছক
  4. (4) স্বৰ্গদেউ ৰুদ্ৰসিংহই, স্বৰ্গদেউ প্ৰমত্ত সিংহক
See answer and solution
Q123

ৰংঘৰৰ নিৰ্মাণ কেতিয়া সম্পূৰ্ণ হৈছিল ?

  1. (1) 1826 চনত
  2. (2) 1746 চনত
  3. (3) 1846 চনত
  4. (4) 1745 চনত
See answer and solution
Q124

বথাম উপাধিধাৰী ব্যক্তিজন আছিল —

  1. (1) এজন শাসনকৰ্তা
  2. (2) এজন ইতিহাসবিদ
  3. (3) এজন ক্ৰীড়াবিদ
  4. (4) এজন ব্যৱসায়ী
See answer and solution
Q125

পৰাগধৰ চলিহাৰ দ্বাৰা ৰচিত এখন গ্ৰন্থ হৈছে —

  1. (1) অসমীয়া সংস্কৃতি আৰু ৰংঘৰ
  2. (2) Aspects of Assamese Culture
  3. (3) Assamese Culture
  4. (4) পুৰণি যুগৰ খেল-ধেমালি
See answer and solution
Q126

আহোম যুগৰ পুৰণি খেল-ধেমালি কিছুমান আৰু আধুনিক যুগৰ খেল কিছুমানৰ নাম ‘ক’ আৰু ‘খ’ স্তম্ভ ত দিয়া হৈছে। স্তম্ভ দুটা মিলাই উত্তৰ নিৰ্বাচন কৰক।
‘ক’ স্তম্ভ | ‘খ’ স্তম্ভ
(a) কাঁড় খেল | (i) ইকুৱেষ্ট্ৰিয়ান
(b) ঘোঁৰা দৌৰ | (ii) আৰ্চাৰী
(c) তৰোৱাল যুঁজ | (iii) ৰেষ্ট্‌লিং
(d) মাল যুঁজ | (iv) ফেন্সিং

  1. (1) (a) - (i), (b) - (ii), (c) - (iii), (d) - (iv)
  2. (2) (a) - (iv), (b) - (iii), (c) - (ii), (d) - (i)
  3. (3) (a) - (iii), (b) - (iv), (c) - (i), (d) - (ii)
  4. (4) (a) - (ii), (b) - (i), (c) - (iv), (d) - (iii)
See answer and solution
Q127

ৰংঘৰৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ নহয় ?

  1. (1) ৰংঘৰ এছিয়াৰ প্ৰথম ক্ৰীড়া পেভিলিয়ন
  2. (2) স্বৰ্গদেউ প্ৰমত্ত সিংহই ৰংঘৰক পূৰ্ণ ৰূপত সজাই তুলিছিল
  3. (3) কেইবাটাও বিধ্বংসী ভূমিকম্পৰ পাছতো ৰংঘৰ গৌৰৱেৰে থিয় দি আছে
  4. (4) ৰংঘৰ বিশ্বৰ প্ৰথম ক্ৰীড়া পেভিলিয়ন
See answer and solution
Q128

উদ্ধৃত ৰছনাখণ্ডটোৰ পঠনৰ আধাৰত শুদ্ধ উক্তিটো বিচাৰি উলিওৱাক।

  1. (1) আজিৰ চৰকাৰে খেলক পৃষ্ঠপোষকতা আগবঢ়োৱা নাই
  2. (2) শেন মেলাৰ অৰ্থ হৈছে শেন চৰাইৰ বজাৰ বা মেলা
  3. (3) পুৰণি অসমৰ ক্ৰীড়া আৰু লোক উৎসৱ বিহুৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই
  4. (4) আহোম যুগত বিশেষ খেলৰ বাবে বিশেষ প্ৰশিক্ষকক নিযুক্তি দিয়া হৈছিল
See answer and solution

Passage

নিৰ্দেশ ঃ তলত দিয়া ৰছনাখণ্ড পঢ়ি তাৰ তলত দিয়া প্ৰশ্নসমূহৰ (প্ৰশ্ন নং 129-ৰ পৰা 135 লৈ) আটাইতকৈ উপযুক্ত বিকল্পটো বাচি উত্তৰ কৰক।
সাগৰকন্যা লক্ষ্মীৰ পতি ভগৱান শ্ৰীকৃষ্ণৰ নামৰ মহিমা অপাৰ। তেওঁৰ নাম শ্ৰৱণ কৰা মাত্ৰকে জগতৰ সকলো বস্তুৱেই পৱিত্ৰ হয়, উদ্ধাৰ হয়। এইজন ভগবানেই প্ৰলয় জলত বেদসমূহক উদ্ধাৰ কৰিছিল। শংকৰদেৱে ‘কীৰ্ত্তন ঘোষা’ৰ চতুৰ্বিংশতি অৱতাৰ বৰ্ণনাত লিখিছে ঃ
“মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত।
উদ্ধাৰিলা চাৰিবেদ প্ৰলয় জলত।।”
বেদসমূহে কৃষ্ণক স্তুতি কৰা কথাৰে ‘বেদস্তুতি’ বুলি অধ্যায় এটাও কীৰ্ত্তনত সংযোজিত হৈছে। বেদত্ৰাতা বা শ্ৰুতত্ৰাতা শ্ৰীকৃষ্ণৰ নাম কোনোবাই যদি স্মৰণ কৰে, তেন্তে তেওঁৰ কামনা সিদ্ধি হয়। দীন বা অভাগাৰ প্ৰতি তেওঁৰ কৰুণা অপাৰ। ভক্তৰ একান্ত কাম্য মুক্তিপদ তেওঁ ভক্তসকলক দান কৰে।

এই জগতৰ জীৱনস্বৰূপ শ্ৰীকৃষ্ণ চিৰন্তন, সত্য আৰু সনাতন। মংগলময় শিৱৰূপে তেৱেঁই বিৰাজমান। সেইবাবে কোৱা হয় সত্যম, শিৱম, সুন্দৰম। তেওঁ ৰাক্ষসসকলক বিনাশ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিছিল। কেশী, মধু, মুৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবেই ‘জগতবন্ধুবিধু’ বুলি কোৱা হয়। তেওঁৰ অনুপম শাৰীৰিক ৰূপৰ বৰ্ণনাও কবিয়ে কৰিছে। পীতবসন পৰিধান কৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যই শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলায়। এনে ‘মধুৰ মূৰুতি’ধাৰী ভগৱানৰ চৰণ-কমললৈ কবিয়ে সেৱা জনাইছে।

কবিতা বা গীতৰ লগত নিবিড়ভাৱে জড়িত হৈ থকা এটি বিষয় হৈছে কাব্যিক সৌন্দৰ্য। ভাব, ভাষা, ছন্দ, অলংকাৰ ব্যঞ্জনা আদিৰ মাজেৰে কাব্যিক সৌন্দৰ্য প্ৰকাশিত হয়। “জয় জয় জলনিধিজা ধৱ ধাতা” শীৰ্ষক বৰগীতটিত ‘জগতজনজীৱন অজন জনাৰ্দন দনুজ দমন দুখহাৰী’ শাৰীটোত ‘জ’ আৰু ‘দ’ ব্যঞ্জন বৰ্ণ দুটা বাৰে বাৰে ব্যবহাৰ কৰি কবিয়ে ধ্বনিমাধুৰ্যৰ সৃষ্টি কৰিছে। একেদৰে শৰতৰ জোনৰ লগত তুলনা কৰি শ্ৰীকৃষ্ণৰ সৌন্দৰ্য-মাধুৰী অধিক সুন্দৰ ৰূপত তুলি ধৰিছে। সাহিত্য-সৌন্দৰ্য বিচাৰত ই এটি উৎকৃষ্ট সৃষ্টি।

Q129

তলত উল্লেখ কৰা কোনটো শ্ৰীকৃষ্ণৰ নাম নহয় ?

  1. (1) পীতবসন
  2. (2) মুৰাৰি
  3. (3) বেণুধৰ
  4. (4) জনাৰ্দন
See answer and solution
Q130

উদ্ধৃত ৰছনাখণ্ডত কিহৰ বিষয়ে আলোচনা কৰা হৈছে ?

  1. (1) শংকৰদেৱৰ এটি বৰগীতৰ বিষয়ে
  2. (2) শংকৰদেৱৰ বিষয়ে
  3. (3) পুৰণি অসমীয়া সাহিত্যৰত ধৰ্ম আৰু আধ্যাত্মিকতাৰ বিষয়ে
  4. (4) শংকৰদেৱৰ কীৰ্তন-ঘোষাৰ বিষয়ে
See answer and solution
Q131

কেশী, মধু আৰু মুৰ হৈছে —

  1. (1) কেশবিন্যাস আৰু মৌমাখি
  2. (2) কৃষ্ণৰ নাম
  3. (3) অসুৰৰ নাম
  4. (4) চুলি, মৌ আৰু শিৰ
See answer and solution
Q132

“এনে মধুৰ - মূৰুতি’ধাৰী ভগৱানৰ চৰণ-কমললৈ কবিয়ে সেৱা জনাইছে।”
বাক্যটোৰ ৰেখাংকিত অংশটো হৈছে —

  1. (1) সমাস
  2. (2) সন্ধি
  3. (3) প্ৰত্যয়
  4. (4) উপমা
See answer and solution
Q133

শ্ৰীকৃষ্ণই বহুতো অসুৰ নিধন কৰি জগতৰ আন্ধাৰ হৰণ কৰিছিল কাৰণে __________ বুলি কোৱা হয়।

  1. (1) অৰিজিৎ
  2. (2) জগন্নাথ
  3. (3) জগতবন্ধুবিধু
  4. (4) মুৰাৰি
See answer and solution
Q134

লক্ষ্মীদেৱীৰ অন্য নাম জলনিধিজা। কাৰণ,

  1. (1) দেৱী লক্ষ্মী ধনৰ দেৱী
  2. (2) স্বামী কৃষ্ণই লক্ষ্মীৰ নাম জলনিধিজা ৰাখিছিল
  3. (3) লক্ষ্মীদেৱীৰ অনেক নাম আছে
  4. (4) দেৱী লক্ষ্মী সাগৰৰ কন্যা
See answer and solution
Q135

‘বেদস্তুতি’ কি ?

  1. (1) বেদত্ৰাতা বা শ্ৰুতত্ৰাতা
  2. (2) কীৰ্তনৰ এটা অধ্যায়
  3. (3) বেদত উল্লেখ থকা কিছুমান শ্লোকৰ সমষ্টি
  4. (4) ৰুক্মিনীৰ বিপ্ৰগুৰু বেদনিধিৰ অন্য নাম
See answer and solution
Q136

এগৰাকী শিক্ষকে তেওঁ পঢ়ুৱাই থকা পাঠটোৰ প্ৰসংগ থকা এটা ভিডিঅ’ দেখুৱাই ছাত্ৰ-ছাত্ৰীবোৰক সেই ভিডিঅ’টোৰ আধাৰত জোৰপতা বা যুটীয়া কাৰ্য কৰিবলৈ দিয়ে। শিক্ষকগৰাকীয়ে কৰিবলৈ দিয়া এই যুটীয়া কাৰ্যৰ উদ্দেশ্য কি ?

  1. (1) ছাত্ৰ-ছাত্ৰীবোৰক একেলগে বেছি ক্ষিপ্ৰ গতি কাম কৰোৱা
  2. (2) স্বকীয়ভাবে কাৰ্য কৰা
  3. (3) ভাষা-সজাগতা বৃদ্ধি কৰা
  4. (4) ছাত্ৰ-ছাত্ৰীৰ নিজৰ কাৰ্যৰ মূল্যায়ন কৰা
See answer and solution
Q137

গল্প আৰু তেনে কিছুমান গদ্যৰ এটা সংকলন ভাষা শিকাৰ এক পৰিপূৰক পঠন হিচাপে ৰখা হৈছে। এনে পৰিপূৰক পঠনৰ উদ্দেশ্য হৈছে —

  1. (1) ঐকান্তিক (intensive) পঠনৰ পৃষ্ঠপোষকতা কৰা
  2. (2) নৈতিক শিক্ষাক উৎসাহ দিয়া
  3. (3) বিস্তৃত (extensive) পঠনৰ পৃষ্ঠপোষকতা কৰা
  4. (4) বহুভাষিকতাক ব্যাপক কৰি তোলা
See answer and solution
Q138

উক্তি (A) ঃ নিদানমূলক (Remedial) শিক্ষণ হৈছে শিক্ষণ-শিকন প্ৰক্ৰিয়াটোৰ এক অপৰিহাৰ্য অংগ।
যুক্তি (R) ঃ নিদানমূলক শিক্ষণ হৈছে পুনৰবাৰ শিকোৱা, প্ৰয়োজনীয় নহয় যে একেটা ধৰণতে শিকোৱা, যেতিয়া ভাষা সামগ্ৰী এটা ভালদৰে শিকা নহয়।
আটাইতকৈ উপযুক্ত বিকল্পটো বাছি উলিওৱাঁ।

  1. (1) (A) আৰু (R) উভয়ে শুদ্ধ, কিন্তু (R), (A)-ৰ সঠিক ব্যাখ্যা নহয়
  2. (2) (A) শুদ্ধ, কিন্তু (R) অশুদ্ধ
  3. (3) (A) অশুদ্ধ, কিন্তু (R) শুদ্ধ
  4. (4) (A) আৰু (R) উভয়ে শুদ্ধ, আৰু (R) হৈছে (A)-ৰ সঠিক ব্যাখ্যা
See answer and solution
Q139

শিকাৰুৱে পঢ়া সাধু এটা সিহঁতৰ নিজৰ ভাষাত পুনৰ ক’বলৈ দিয়া কাৰ্য্যই তলত দিয়া কোনটোৰ মূল্যায়ন কৰাত সহায় কৰে?

  1. (1) সাৱলীলতা বা অনৰ্গলতা
  2. (2) বোধগম্যতা
  3. (3) স্মৃতিশক্তি
  4. (4) সঠিকতা
See answer and solution
Q140

ভাষা শিক্ষণৰ ক্ষেত্ৰত তলত দিয়া কোনটো ধাৰণা বা অনুমান অশুদ্ধ ?

  1. (1) শিকাৰুৰ প্ৰথম ভাষাই ভাষা শিকাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
  2. (2) ভাষাৰ শিক্ষণে যোগাযোগমূলক কাৰ্যসমূহত মনোযোগ দিয়া উচিত।
  3. (3) ভাষাৰ শিক্ষণে কথনতকৈ লিখনত অধিক গুৰুত্ব দিয়া উচিত।
  4. (4) বাস্তৱিক পৰিস্থিতিত ভাষাৰ ব্যৱহাৰৰ দ্বাৰা শিকাৰুৱে ভাষা শিকে।
See answer and solution
Q141

ভাষাৰ শিক্ষক এগৰাকীৰ মৌলিক দ্বায়িত্ব হৈছে —

  1. (1) শিক্ষণৰ কাৰণে বিষয় সামগ্ৰী বা বিষয়বস্তু নিৰ্বাচন কৰা
  2. (2) শিকাৰুসকলত গোটত ভাগ কৰা
  3. (3) শিকাৰুক নিৰ্দেশ দিয়া
  4. (4) শিকাৰুৰ যোগাযোগৰ ক্ষেত্ৰত হোৱা ভাষাৰ অসুবিধা বা প্ৰয়োজনসমূহ চিহ্নিত কৰা
See answer and solution
Q142

বুনিয়াদী স্তৰত শিক্ষা গ্ৰহণ কৰোঁতে শিশুৱে কেতিয়া আটাইতকৈ সুচল পায় আৰু আটাইতকৈ ভালদৰে আয়ত্ত কৰিব পাৰে ?

  1. (1) চৰকাৰী ভাষাত শিকালে
  2. (2) সিহঁতৰ গৃহ ভাষাত শিকালে
  3. (3) ইংৰাজী মাধ্যমত শিকালে
  4. (4) নিৰ্দেশৰ মাধ্যমত শিকালে
See answer and solution
Q143

শিশুক সাধু কোৱাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অশুদ্ধ ?

  1. (1) সাধু শুনি শিশুৱে বাক্যৰ গঠন শিকে
  2. (2) সাধুৰ পৰা সিহঁতে সমস্যা সমাধান কৌশল শিকে
  3. (3) সাধুৰ পৰা সিহঁতে জীৱনত অনুসৰণ কৰিবলগা নতুন নতুন নৈতিক মূল্য শিকে
  4. (4) সাধু শুনিলে শিশুৱে নতুন নতুন শব্দ শিকে আৰু শব্দভাণ্ডাৰ বৃদ্ধি কৰে
See answer and solution
Q144

ভাষা কাৰ্য কৰোৱা শিক্ষক এগৰাকীয়ে মিশ্ৰিত দক্ষতাৰ ছাত্ৰ-ছাত্ৰীবোৰক কিছুমান গোটত ভাগ কৰিছে। এনে ধৰণৰ মিশ্ৰিত দক্ষতাৰ গোট সৃষ্টি কৰাৰ উদ্দেশ্য হৈছে —

  1. (1) মুক্তভাবে ছাত্ৰ-ছাত্ৰীয়ে প্ৰকাশ কৰিবলৈ সুযোগ দিয়া
  2. (2) ছাত্ৰ-ছাত্ৰীসকলক এজনে আনজনক সহায় কৰিবলৈ উৎসাহ দিয়া
  3. (3) শিক্ষকৰ কামৰ বোজা হ্ৰাস কৰা, কাৰণ শিক্ষকগৰাকীয়ে সকলোকে গুৰুত্ব দিব নোৱাৰে
  4. (4) দুৰ্বল ছাত্ৰ-ছাত্ৰীবোৰ চিহ্নিত কৰা
See answer and solution
Q145

শিশুক একেবাৰে কম বয়সৰে পৰা __________ ভাষাৰ সৈতে পৰিচয় কৰাই নিমজ্জিত কৰা উচিত। (- বাক্যটোৰ খালী ঠাই উপযুক্ত বিকল্পৰে পূৰ কৰাঁ)

  1. (1) দুটা লিখিত
  2. (2) কেইবাটাও মৌখিক
  3. (3) কেইবাটাও লিখিত
  4. (4) দুটা মৌখিক
See answer and solution
Q146

উক্তি (A) ঃ সাক্ষৰতাৰ প্ৰাৰম্ভিক স্তৰত ছবি বা চিত্ৰাংকনক আখৰ লিখাৰ আৰম্ভনি বুলি ধৰা হয়।
যুক্তি (R) ঃ ছবিবোৰ হৈছে চিহ্ন বা প্ৰতীক আৰু ছবিয়ে অৰ্থ বহন কৰে।
আটাইতকৈ উপযুক্ত বিকল্পটো চয়ন কৰাঁ।

  1. (1) (A) আৰু (R) উভয়ে শুদ্ধ, কিন্তু (R), (A)-ৰ শুদ্ধ ব্যাখ্যা নহয়
  2. (2) (A) শুদ্ধ, কিন্তু (R) অশুদ্ধ
  3. (3) (A) অশুদ্ধ, কিন্তু (R) শুদ্ধ
  4. (4) (A) আৰু (R) উভয়ে শুদ্ধ, আৰু (R) হৈছে (A)-ৰ শুদ্ধ ব্যাখ্যা
See answer and solution
Q147

সামান্য ধ্বনিগত বা অক্ষৰগত পাৰ্থক্য থকা, একেধৰণৰ উচ্চাৰণৰ কিন্তু ভিন ভিন অৰ্থৰ শব্দৰ জোৰ (minimal pair) অনুশীলনৰ দ্বাৰা কিহৰ বিকাশ হয় ?

  1. (1) শব্দভঁৰাল
  2. (2) উচ্চাৰণ
  3. (3) পঠন বোধ
  4. (4) ব্যাকৰণ
See answer and solution
Q148

ভাষা আহৰণৰ আচৰণাত্মক সূত্ৰৰ সৈতে তলৰ কোনটো সম্পৰ্কিত নহয় ?

  1. (1) শূন্য পাত্ৰ
  2. (2) প্ৰয়াস - প্ৰমাদ
  3. (3) সামাজিক বাৰ্তা বা ভাব বিনিময়
  4. (4) কাৰ্যকাৰক (operant) কণ্ডিশ্বনিং
See answer and solution
Q149

পঞ্চম মানৰ এগৰাকী শিক্ষকে ছাত্ৰ-ছাত্ৰীক এটা সাধু লিখিবলৈ দিছে আৰু তেওঁ শ্ৰেণীকোঠাটোৰ ইমূৰৰ পৰা সিমূৰলৈ খোজ কাঢ়ি কাঢ়ি সিহঁতৰ ভুলবোৰ শুধৰোৱাত সহায় কৰিছে অথবা নতুন শব্দ সুধিছে। এই ক্ষেত্ৰত শিক্ষকগৰাকীৰ ভূমিকা হৈছে —

  1. (1) প্লেনাৰ
  2. (2) কাৰ্য সুচল আৰু উজু কৰোঁতা
  3. (3) নিৰ্ণায়ক বা নিদান দিওঁতা
  4. (4) মেনেজাৰ
See answer and solution
Q150

উক্তি (A) ঃ পঠন মানে কেৱল শব্দ একোটা শুদ্ধকৈ উচ্চাৰণ কৰাই নহয়।
যুক্তি (R) ঃ পঠনে অৰ্থোদ্ধাৰ কৰে।
আটাইতকৈ উপযুক্ত বিকল্পটো বাছি উলিওৱাঁ।

  1. (1) (A) আৰু (R) দুয়োটাই শুদ্ধ, কিন্তু (R), (A)-ৰ সঠিক ব্যাখ্যা নহয়
  2. (2) (A) শুদ্ধ, কিন্তু (R) অশুদ্ধ
  3. (3) (A) অশুদ্ধ, কিন্তু (R) শুদ্ধ
  4. (4) (A) আৰু (R) দুয়োটাই শুদ্ধ, আৰু (R) হৈছে (A)-ৰ সঠিক ব্যাখ্যা
See answer and solution