Q101
‘ফুলনিৰ এচুকত মুখ আমোলাই’ ফুলি থকা পাহিটোৱে কি কৰিছিল ?
- (1) নিজানত থাকি কবিৰ প্ৰাণ হৰিছিল
- (2) সৰ্বগুণে বিভূষিতা হৈছিল
- (3) ফুলনিৰ এচুকৰ পৰা ওলাই আহিছিল
- (4) বৰ্ষা আহ্বান কৰিছিল
নিৰ্দেশ ঃ তলত দিয়া পদ্যটো পঢ়ি তাৰ তলত দিয়া প্ৰশ্নসমূহৰ (প্ৰশ্ন নং 100-ৰ পৰা 105 লৈ) আটাইতকৈ শুদ্ধ বিকল্পটো বাচি উলিয়াওক।
নিৰল নাম-গোন্ধে প্ৰাণ কোমলাই,
ফুলনিৰ এচুকত মুখ আমোলাই,
ফুলি ফুলি এটি পাহি কাব্য কাননত,
হৰিছিল কবি প্ৰাণ থাকি নিজানত।
সৰ্বগুণে বিভূষিতা অতুলনা সীতা;
আৰু দুটি ৰূপৱতী জনক দুহিতা;
কৌশল্যা, কৈকেয়ী, সৰু সুমিত্ৰা সুন্দৰী,
সৌভাগ্য কিৰীটি পিন্ধা তিনি পটেশ্বৰী;
সাৱিত্ৰী, দ্ৰৌপদী, দময়ন্তী, জয়মতী;
ৰম্ভা, মন্দোদৰী, তাৰা, সতী, লীলাৱতী;
সৰমা, ৰুক্মিনী, ঊষা কত নাৰী-ফুল,
প্ৰকাশ্যে ফুলাই নৰ কৰিলে আকুল।
সুচতুৰ স্বৰ্গী কবি, স্বৰ্গৰ কাৰণে,
উৰ্মিলা পাহিটি থাকে অৰ্দ্ধেক গোপনে।
‘ফুলনিৰ এচুকত মুখ আমোলাই’ ফুলি থকা পাহিটোৱে কি কৰিছিল ?
CBSE answer: (1)
উত্তৰ: (1) নিজানত থাকি কবিৰ প্ৰাণ হৰিছিল