By signing in you confirm you are 18 or older, or have your parent’s or guardian’s consent.

CTET 8 Feb 2026 Paper 1 Assamese, Question 102

Topic: Poem comprehension

Passage

নিৰ্দেশ ঃ তলত দিয়া পদ্যটো পঢ়ি তাৰ তলত দিয়া প্ৰশ্নসমূহৰ (প্ৰশ্ন নং 100-ৰ পৰা 105 লৈ) আটাইতকৈ শুদ্ধ বিকল্পটো বাচি উলিয়াওক।

নিৰল নাম-গোন্ধে প্ৰাণ কোমলাই,
ফুলনিৰ এচুকত মুখ আমোলাই,
ফুলি ফুলি এটি পাহি কাব্য কাননত,
হৰিছিল কবি প্ৰাণ থাকি নিজানত।
সৰ্বগুণে বিভূষিতা অতুলনা সীতা;
আৰু দুটি ৰূপৱতী জনক দুহিতা;
কৌশল্যা, কৈকেয়ী, সৰু সুমিত্ৰা সুন্দৰী,
সৌভাগ্য কিৰীটি পিন্ধা তিনি পটেশ্বৰী;
সাৱিত্ৰী, দ্ৰৌপদী, দময়ন্তী, জয়মতী;
ৰম্ভা, মন্দোদৰী, তাৰা, সতী, লীলাৱতী;
সৰমা, ৰুক্মিনী, ঊষা কত নাৰী-ফুল,
প্ৰকাশ্যে ফুলাই নৰ কৰিলে আকুল।
সুচতুৰ স্বৰ্গী কবি, স্বৰ্গৰ কাৰণে,
উৰ্মিলা পাহিটি থাকে অৰ্দ্ধেক গোপনে।

Q102

কবিতাটো কবিয়ে মূলতঃ কাৰ বিষয়ে লিখিছে ?

  1. (1) উৰ্মিলাৰ বিষয়েCorrect answer
  2. (2) সীতাৰ বিষয়ে
  3. (3) কাব্য কানন আৰু কবি প্ৰাণৰ বিষয়ে
  4. (4) ফুলনি আৰু ফুলৰ বিষয়ে

Solution.

CBSE answer: (1)

উত্তৰ: (1) উৰ্মিলাৰ বিষয়ে

  1. পদ্যটোত কাব্য-কাননৰ বহুতো ‘নাৰী-ফুল’ৰ নাম লোৱা হৈছে, যিবোৰ প্ৰকাশ্যে ফুলিছে।
  2. কিন্তু আৰম্ভণিৰ নিজানত লুকাই থকা পাহিটো আৰু শেষৰ ‘অৰ্দ্ধেক গোপনে’ থকা পাহিটো একেই: উৰ্মিলা।
  3. আন নামবোৰ তুলনাৰ বাবে আনা হৈছে, যাতে উৰ্মিলাৰ অৱহেলিত স্থানটো স্পষ্ট হয়।

সাৱধান: ‘কাব্য কানন’, ‘ফুলনি’ আৰু ‘ফুল’ শব্দবোৰ দেখি (3) বা (4) বাছিব পাৰি, কিন্তু সেইবোৰ ৰূপকৰ বাহিৰৰ আৱৰণহে।