By signing in you confirm you are 18 or older, or have your parent’s or guardian’s consent.

CTET 8 Feb 2026 Paper 1 Assamese, Question 103

Topic: Poem comprehension

Passage

নিৰ্দেশ ঃ তলত দিয়া পদ্যটো পঢ়ি তাৰ তলত দিয়া প্ৰশ্নসমূহৰ (প্ৰশ্ন নং 100-ৰ পৰা 105 লৈ) আটাইতকৈ শুদ্ধ বিকল্পটো বাচি উলিয়াওক।

নিৰল নাম-গোন্ধে প্ৰাণ কোমলাই,
ফুলনিৰ এচুকত মুখ আমোলাই,
ফুলি ফুলি এটি পাহি কাব্য কাননত,
হৰিছিল কবি প্ৰাণ থাকি নিজানত।
সৰ্বগুণে বিভূষিতা অতুলনা সীতা;
আৰু দুটি ৰূপৱতী জনক দুহিতা;
কৌশল্যা, কৈকেয়ী, সৰু সুমিত্ৰা সুন্দৰী,
সৌভাগ্য কিৰীটি পিন্ধা তিনি পটেশ্বৰী;
সাৱিত্ৰী, দ্ৰৌপদী, দময়ন্তী, জয়মতী;
ৰম্ভা, মন্দোদৰী, তাৰা, সতী, লীলাৱতী;
সৰমা, ৰুক্মিনী, ঊষা কত নাৰী-ফুল,
প্ৰকাশ্যে ফুলাই নৰ কৰিলে আকুল।
সুচতুৰ স্বৰ্গী কবি, স্বৰ্গৰ কাৰণে,
উৰ্মিলা পাহিটি থাকে অৰ্দ্ধেক গোপনে।

Q103

কোনগৰাকী পুৰাকথাভিত্তিক নাৰীৰ উল্লেখ উদ্ধৃত পদ্যটোত নাই ?

  1. (1) সতী
  2. (2) কুন্তীCorrect answer
  3. (3) দ্ৰৌপদী
  4. (4) সৰমা

Solution.

CBSE answer: (2)

উত্তৰ: (2) কুন্তী

  1. পদ্যটোত দিয়া নামবোৰ: সীতা, কৌশল্যা, কৈকেয়ী, সুমিত্ৰা, সাৱিত্ৰী, দ্ৰৌপদী, দময়ন্তী, জয়মতী, ৰম্ভা, মন্দোদৰী, তাৰা, সতী, লীলাৱতী, সৰমা, ৰুক্মিনী, ঊষা, উৰ্মিলা।
  2. সতী, দ্ৰৌপদী আৰু সৰমা তালিকাত আছে।
  3. কুন্তীৰ নাম ক’তো নাই।
  4. গতিকে পদ্যত উল্লেখ নথকা নাৰীগৰাকী কুন্তী।

সাৱধান: ‘সতী’ শব্দটো বিশেষণ বুলি ভাবি (1) বাছিব নালাগে; ই এগৰাকী পুৰাণৰ নাৰীৰ নাম।