নিৰ্দেশ ঃ তলত দিয়া ৰছনাখণ্ড পঢ়ি তাৰ তলত দিয়া প্ৰশ্নসমূহৰ (প্ৰশ্ন নং 121-ৰ পৰা 128 লৈ) আটাইতকৈ উপযুক্ত বিকল্পটো নিৰ্বাচন কৰক।
বিহুৰ মাজেৰে অসমৰ ক্ৰীড়া অথবা খেলে শৈশৱত ভৰি দিলেও আহোম যুগত অসমৰ ক্ৰীড়াই গা কৰি উঠিছিল। আমি অসমত যদি ক্ৰীড়াৰ পৃষ্ঠপোষকতাৰ কথা কওঁ তেতিয়া হ’লে আহোম যুগক শ্ৰদ্ধা সহকাৰে সুঁৱৰিব লাগিব। আহোম স্বৰ্গদেউ অথবা ৰাজপৰিয়ালৰ পৰা খেলক যিদৰে পৃষ্ঠপোষকতা আগ বঢ়োৱা হৈছিল, সেয়া হয়তো আজিৰ চৰকাৰেও আগ বঢ়োৱা নাই। তাহানি এতিয়াৰ দৰে ক্ৰিকেট-ফুটবল আদি নাছিল। কিন্তু আছিল ম’হ যুঁজ, মাল যুঁজ, দৌৰা, তৰোৱাল খেল, শেন মেলা, ঘোঁৰা দৌৰ, কাঁড় খেল ইত্যাদি। আমি ম’হ যুঁজক বৰ্তমান স্পেইনৰ বাফেলো যুঁজ, তৰোৱাল খেলক ফেন্সিং, ঘোঁৰা দৌৰক ইকুৱেষ্ট্ৰিয়ান, কাঁড় খেলক আৰ্চাৰী, মাল যুঁজক ৰেষ্টলিং বুলি ক’ব পৰোঁ। এনেবোৰ খেলক ৰাজপৰিয়ালে অথবা আহোম শাসনকৰ্তাসকলে পৃষ্ঠপোষকতা আগ বঢ়াইছিল বিভিন্ন মাধ্যমেৰে। ৰজাঘৰে এই ক্ষেত্ৰত মুকলি মনেৰে কাম কৰি গৈছিল। তেতিয়াই বিশেষ বিশেষ খেলৰ বাবে বিষয়া, প্ৰশিক্ষক পৰ্যন্ত নিযুক্তি দি ক্ৰীড়াৰ প্ৰতি জনগণৰ মন আকৰ্ষণৰ প্ৰয়াস কৰিছিল। সেই কালৰ অন্যান্য ৰাজ্যসমূহত এনে কাৰ্যৰ বা আঁচনিৰ অভাৱ পৰিলক্ষিত হয়। এই দিশবোৰ পৰ্যালোচনা কৰাৰ আগেয়ে আমি উল্লেখ কৰাটো উচিত হ’ব যে এছিয়াৰ প্ৰথম স্প’ৰ্টছ পেভিলিয়ন অথবা ক্ৰীড়া পেভিলিয়নৰ কথা। এই পেভিলিয়নটো অন্য একো নহয়— অসমৰ সবাৰে পৰিচিত শিৱসাগৰৰ ৰূপহী পথাৰৰ ৰংঘৰ। ৰংঘৰে গৰ্বৰে সোঁৱৰায় আহোম যুগৰ ক্ৰীড়া প্ৰেমৰ কথা।
ৰংঘৰৰ লেখীয়া পেভিলিয়ন নিৰ্মাণৰ প্ৰচেষ্টা আৰম্ভ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই। কাঠৰ পাতেৰে এই পেভিলিয়ন নিৰ্মাণৰ বুনিয়াদ স্থাপন কৰিছিল। স্বৰ্গদেউ প্ৰমত্ত সিংহই ১৭৪৬ চনত ৰংঘৰক পূৰ্ণ ৰূপ দিয়ে। ৮৮ ফুট দৈৰ্ঘ্য আৰু ৩৬.৫ ফুট বহল পেভিলিয়নত একেলগে বহি আহোম ৰাজপৰিয়ালে উপভোগ কৰিছিল খেল আৰু বিহুৰ বিভিন্ন সমাৰোহৰ বহু উমাল মুহূৰ্ত। দুফুট মোটা ইটাৰে ইয়াৰ বেৰ নিৰ্মাণ কৰা হৈছিল। তেলাল মাছ, মাটি দাইল, কণী, চাউল আৰু অন্যান্য কিছুমান বস্তুৰ মিশ্ৰণক চিমেণ্ট হিচাপে ব্যৱহাৰ কৰা হৈছিল। এনেদৰেই নিৰ্মিত হৈছিল এছিয়াৰ প্ৰথমটো ক্ৰীড়া পেভিলিয়ন। এই পেভিলিয়ন নিৰ্মাণৰ পিছত কেইবাটাও বিধ্বংসী ভূমিকম্পই অসম জোকাৰি গৈছে; কিন্তু আঢ়ৈশ বছৰ অতিক্ৰমৰ পাছতো ই গুৰু-গম্ভীৰভাৱে গৌৰৱেৰে থিয় দি আছে। পৰৱৰ্তী কালত ৰংঘৰৰ কাষতে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই আন এটা পেভিলিয়ন নিৰ্মাণ কৰিছিল। ইংৰাজে ইয়াণ্ডাবু সন্ধিৰ আধাৰত অসমক শাসনলৈ অনাৰ পাছত বথাম উপাধিৰ এজন শাসনকৰ্তাই অসমৰ গৌৰৱ ৰংঘৰক নিশ্চিহ্ন কৰাৰ পৰিকল্পনা ৰচিছিল। ব্ৰিটিছে ১৩০০ টকাত স্থানীয় এজন ব্যক্তিক ৰংঘৰটো বিক্ৰী কৰিছিল। তেতিয়াই ইয়াক ভাঙি দিয়াৰ প্ৰয়াস কৰা হৈছিল বুলি পৰাগধৰ চলিহাৰ Aspects of Assamese Culture নামৰ গ্ৰন্থত উল্লেখ কৰা হৈছে। তথাপি ৰংঘৰে আজিও ৰূপহীপথাৰত গৌৰৱৰ চানেকি হৈ আহোম যুগৰ গৌৰৱপূৰ্ণ ক্ৰীড়া পৃষ্ঠপোষকতাৰ কথা সোঁৱৰাই আছে।