By signing in you confirm you are 18 or older, or have your parent’s or guardian’s consent.

CTET 8 Feb 2026 Paper 1 Assamese, Question 129

Topic: Vocabulary

Passage

নিৰ্দেশ ঃ তলত দিয়া ৰছনাখণ্ড পঢ়ি তাৰ তলত দিয়া প্ৰশ্নসমূহৰ (প্ৰশ্ন নং 129-ৰ পৰা 135 লৈ) আটাইতকৈ উপযুক্ত বিকল্পটো বাচি উত্তৰ কৰক।
সাগৰকন্যা লক্ষ্মীৰ পতি ভগৱান শ্ৰীকৃষ্ণৰ নামৰ মহিমা অপাৰ। তেওঁৰ নাম শ্ৰৱণ কৰা মাত্ৰকে জগতৰ সকলো বস্তুৱেই পৱিত্ৰ হয়, উদ্ধাৰ হয়। এইজন ভগবানেই প্ৰলয় জলত বেদসমূহক উদ্ধাৰ কৰিছিল। শংকৰদেৱে ‘কীৰ্ত্তন ঘোষা’ৰ চতুৰ্বিংশতি অৱতাৰ বৰ্ণনাত লিখিছে ঃ
“মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত।
উদ্ধাৰিলা চাৰিবেদ প্ৰলয় জলত।।”
বেদসমূহে কৃষ্ণক স্তুতি কৰা কথাৰে ‘বেদস্তুতি’ বুলি অধ্যায় এটাও কীৰ্ত্তনত সংযোজিত হৈছে। বেদত্ৰাতা বা শ্ৰুতত্ৰাতা শ্ৰীকৃষ্ণৰ নাম কোনোবাই যদি স্মৰণ কৰে, তেন্তে তেওঁৰ কামনা সিদ্ধি হয়। দীন বা অভাগাৰ প্ৰতি তেওঁৰ কৰুণা অপাৰ। ভক্তৰ একান্ত কাম্য মুক্তিপদ তেওঁ ভক্তসকলক দান কৰে।

এই জগতৰ জীৱনস্বৰূপ শ্ৰীকৃষ্ণ চিৰন্তন, সত্য আৰু সনাতন। মংগলময় শিৱৰূপে তেৱেঁই বিৰাজমান। সেইবাবে কোৱা হয় সত্যম, শিৱম, সুন্দৰম। তেওঁ ৰাক্ষসসকলক বিনাশ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিছিল। কেশী, মধু, মুৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবেই ‘জগতবন্ধুবিধু’ বুলি কোৱা হয়। তেওঁৰ অনুপম শাৰীৰিক ৰূপৰ বৰ্ণনাও কবিয়ে কৰিছে। পীতবসন পৰিধান কৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যই শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলায়। এনে ‘মধুৰ মূৰুতি’ধাৰী ভগৱানৰ চৰণ-কমললৈ কবিয়ে সেৱা জনাইছে।

কবিতা বা গীতৰ লগত নিবিড়ভাৱে জড়িত হৈ থকা এটি বিষয় হৈছে কাব্যিক সৌন্দৰ্য। ভাব, ভাষা, ছন্দ, অলংকাৰ ব্যঞ্জনা আদিৰ মাজেৰে কাব্যিক সৌন্দৰ্য প্ৰকাশিত হয়। “জয় জয় জলনিধিজা ধৱ ধাতা” শীৰ্ষক বৰগীতটিত ‘জগতজনজীৱন অজন জনাৰ্দন দনুজ দমন দুখহাৰী’ শাৰীটোত ‘জ’ আৰু ‘দ’ ব্যঞ্জন বৰ্ণ দুটা বাৰে বাৰে ব্যবহাৰ কৰি কবিয়ে ধ্বনিমাধুৰ্যৰ সৃষ্টি কৰিছে। একেদৰে শৰতৰ জোনৰ লগত তুলনা কৰি শ্ৰীকৃষ্ণৰ সৌন্দৰ্য-মাধুৰী অধিক সুন্দৰ ৰূপত তুলি ধৰিছে। সাহিত্য-সৌন্দৰ্য বিচাৰত ই এটি উৎকৃষ্ট সৃষ্টি।

Q129

তলত উল্লেখ কৰা কোনটো শ্ৰীকৃষ্ণৰ নাম নহয় ?

  1. (1) পীতবসনCorrect answer
  2. (2) মুৰাৰি
  3. (3) বেণুধৰ
  4. (4) জনাৰ্দন

Solution.

CBSE answer: (1)

উত্তৰ: (1) পীতবসন

  1. ‘পীতবসন’ মানে হালধীয়া কাপোৰ; ৰচনাখণ্ডত ই শ্ৰীকৃষ্ণে পৰিধান কৰা বস্ত্ৰ বুজাইছে, নাম হিচাপে নহয়।
  2. মুৰাৰি (মুৰ অসুৰৰ শত্ৰু), বেণুধৰ (বাঁহী ধৰোঁতা) আৰু জনাৰ্দন শ্ৰীকৃষ্ণৰ প্ৰচলিত নাম।
  3. জনাৰ্দন নামটো বৰগীতৰ শাৰীতো আছে।

সাৱধান: পীত বস্ত্ৰৰ সৈতে জড়িত শ্ৰীকৃষ্ণৰ নাম হ’ল ‘পীতাম্বৰ’, ‘পীতবসন’ নহয়।