By signing in you confirm you are 18 or older, or have your parent’s or guardian’s consent.

CTET 8 Feb 2026 Paper 1 Assamese, Question 105

Topic: Poem comprehension

Passage

নিৰ্দেশ ঃ তলত দিয়া পদ্যটো পঢ়ি তাৰ তলত দিয়া প্ৰশ্নসমূহৰ (প্ৰশ্ন নং 100-ৰ পৰা 105 লৈ) আটাইতকৈ শুদ্ধ বিকল্পটো বাচি উলিয়াওক।

নিৰল নাম-গোন্ধে প্ৰাণ কোমলাই,
ফুলনিৰ এচুকত মুখ আমোলাই,
ফুলি ফুলি এটি পাহি কাব্য কাননত,
হৰিছিল কবি প্ৰাণ থাকি নিজানত।
সৰ্বগুণে বিভূষিতা অতুলনা সীতা;
আৰু দুটি ৰূপৱতী জনক দুহিতা;
কৌশল্যা, কৈকেয়ী, সৰু সুমিত্ৰা সুন্দৰী,
সৌভাগ্য কিৰীটি পিন্ধা তিনি পটেশ্বৰী;
সাৱিত্ৰী, দ্ৰৌপদী, দময়ন্তী, জয়মতী;
ৰম্ভা, মন্দোদৰী, তাৰা, সতী, লীলাৱতী;
সৰমা, ৰুক্মিনী, ঊষা কত নাৰী-ফুল,
প্ৰকাশ্যে ফুলাই নৰ কৰিলে আকুল।
সুচতুৰ স্বৰ্গী কবি, স্বৰ্গৰ কাৰণে,
উৰ্মিলা পাহিটি থাকে অৰ্দ্ধেক গোপনে।

Q105

‘অৰ্দ্ধেক গোপনে’ ফুলা ফুল পাহি বুলি কবিয়ে কাৰ কথা কৈছে ?

  1. (1) ৰুক্মিনীৰ কথা
  2. (2) ঊষাৰ কথা
  3. (3) জয়মতীৰ কথা
  4. (4) উৰ্মিলাৰ কথাCorrect answer

Solution.

CBSE answer: (4)

উত্তৰ: (4) উৰ্মিলাৰ কথা

  1. শেষ শাৰীত পোনপটীয়াকৈ লিখা আছে: ‘উৰ্মিলা পাহিটি থাকে অৰ্দ্ধেক গোপনে’।
  2. আন নাৰীসকল ‘প্ৰকাশ্যে’ ফুলিছে, কেৱল উৰ্মিলাক কবিয়ে আধা লুকুৱাই ৰাখিছে।
  3. ৰুক্মিনী, ঊষা, জয়মতী প্ৰকাশ্যে ফুলা নাৰী-ফুলৰ তালিকাত আছে।
  4. গতিকে কবিৰ মন হৰা সেই নিজান পাহিটোৱেই উৰ্মিলা।