By signing in you confirm you are 18 or older, or have your parent’s or guardian’s consent.

CTET 8 Feb 2026 Paper 1 Assamese, Question 97

Topic: Reading comprehension

Passage

নিৰ্দেশ ঃ তলত দিয়া ৰছনাখণ্ড মনোযোগেৰে পঢ়ক আৰু তাৰ পৰা দিয়া বৈকল্পিক উত্তৰৰ প্ৰশ্নসমূহৰ (প্ৰশ্ন নং 91 -ৰ পৰা 99 লৈ) আটাইতকৈ শুদ্ধ উত্তৰটো নিৰ্বাচন কৰি উত্তৰ কৰক।

মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ উচ্চতম গিৰিশৃংগ বুলি জানো, কিন্তু শৃংগটো বগুৰা দূৰৰ কথা - এশ ক্ৰোশ দূৰৰ পৰাও আজিলৈকে শৃংগটো দেখি পোৱা নাই। ঠিক সেইদৰে এডৱাৰ্ড গিবনক পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ঐতিহাসিক বুলি জানো, কিন্তু বিক্ষিপ্ত দুই-এটা উদ্ধৃতিৰ বাহিৰে তেওঁৰ অবিনাশী কীৰ্তিস্তম্ভ ‘ডি ডিক্লাইন এণ্ড ফল অব ডি ৰোমান এম্পায়াৰ’ নামৰ মহাগ্ৰন্থৰ এটা পৃষ্ঠাও মই আজিলৈকে পঢ়ি পোৱা নাই। (মৰাৰ আগতে পঢ়িম বুলি আশা কৰিছোঁ।) গিবনৰ ৰচনাৰ লগত অকণো পৰিচিত নোহোৱাকৈ মইনো তেন্তে তেওঁৰ বিষয়ে কি লিখিবলৈ ওলাইছোঁ ?

দাৰ্শনিক শ্বপেনহাৱাৰে কৈছিল যে পৃথিৱীত এতিয়ালৈকে যিমানবোৰ কিতাপ ৰচিত হৈছে সেইবোৰৰ ভিতৰত মাত্ৰ কেইখনমানহে পঢ়িবৰ যোগ্য। মই শ্বপেনহাৱাৰৰ লগত একমত নহওঁ। কিন্তু যদি ধৰিও লোৱা হয় যে মাত্ৰ কেইখনমান কিতাপহে পঢ়িবৰ যোগ্য, সেইকেইখন কিতাপ পঢ়িবলৈকো মাত্ৰ এটা জীৱনত সময় হয়নে ?

এইখিনিতে লৰেঞ্চ ডাৰেলৰ কথা মনত পৰিছে। ‘আলেকজেণ্ড্ৰিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাসমালাৰ লেখক ডাৰেল। এবাৰ তেওঁ কাৰোবাৰ অনুৰোধত পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ এশখন কিতাপৰ এখন তালিকা প্ৰস্তুত কৰিছিল। তেওঁৰ সেই তালিকাত মিল্টনৰ ‘পেৰাডাইজ লষ্টে’ও ঠাই পাইছিল। কিন্তু ডাৰেলে স্বীকাৰ কৰিছে যে তেওঁ ‘পেৰাডাইজ লষ্ট’ কেতিয়াও পঢ়া নাই!

ময়ো হয়তো গিবনৰ ‘ডিক্লাইন এণ্ড ফল’ নপঢ়াকৈয়ে কিতাপখন ‘এশখন সৰ্বশ্ৰেষ্ঠ কিতাপ’ৰ তালিকাত ঠাই দিব পাৰিলোঁহেঁতেন আৰু তাৰ কাৰণে মোক অকণো দোষে চুব নোৱাৰিলেহেঁতেন। কিন্তু ‘এশখন সৰ্বশ্ৰেষ্ঠ কিতাপ’ৰ তালিকা প্ৰস্তুত কৰা মোৰ উদ্দেশ্য নহয় আৰু সেই কাম কৰিবলৈ মোক কোনেও কোৱাও নাই। একোজন মানুহে এনে এখন মহাগ্ৰন্থ কেনেকৈ অকলেই ৰচনা কৰিব পাৰে আৰু সেই অমানুষিক পৰিশ্ৰমৰ বিনিময়ত তেওঁ কি পায়— কেৱল সেই কথা জনাটোৱেই মোৰ উদ্দেশ্য।

প্ৰথমে গিবনৰ জীৱনৰ এটি চমু পৰিচয় দি লোৱাটো বোধহয় ভাল হ’ব। যিজন মানুহ পিছৰ জীৱনত পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ঐতিহাসিক বুলি পৰিচিত হৈছিল আৰু যাৰ অনুপম গদ্যশৈলীয়ে দুশ বছৰ ধৰি অগণিত পাঠকক মন্ত্ৰমুগ্ধ কৰি ৰাখিছে, সেই এডৱাৰ্ড গিবনে (১৭৩৭ - ১৭৯৪) ছাত্ৰাৱস্থাত কোনো অসাধাৰণ বুদ্ধিমত্তাৰ পৰিচয় দিব পৰা নাছিল। ক’বলৈ গ’লে ছাত্ৰ হিচাপে তেওঁ আছিল অতি সাধাৰণ বিধৰ ল’ৰা। পোন্ধৰ বছৰ বয়সত তেওঁ অক্সফোৰ্ডৰ মেগ্‌ডালেন কলেজত ভৰ্তি হয়। জগদ্বিখ্যাত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ তেতিয়া কিন্তু অতি শোচনীয় অৱস্থা। পঢ়া-শুনা বিশেষ নহয় বুলিয়েই ক’ব পাৰি। কিন্তু অধ্যাপকসকলৰ পৰা বিশেষ সহায় নাপালেও গিবনে নিজে প্ৰচুৰ কিতাপ পঢ়িছিল। ৰোমান সাম্ৰাজ্য যেনেকৈ একেদিনাই গঢ়ি উঠা নাছিল, ঠিক তেনেকৈ ৰোমান সাম্ৰাজ্যৰ ইতিহাস ৰচনাও জানো সুদীৰ্ঘ প্ৰস্তুতিৰ অবিহনে সম্ভৱ ? সি যি কি নহওক, গিবন অক্সফোৰ্ডত থাকোঁতেই এটা ঘটনা ঘটিল। তেওঁ প্ৰটেষ্টাণ্ট ধৰ্মমত ত্যাগ কৰি ৰোমান কেথলিক ধৰ্মমতত দীক্ষিত হ’বলৈ মন মেলিলে। তেওঁৰ মতি গতি দেখি তেওঁৰ অভিভাৱকসকল আতঙ্কিত হৈ তেওঁক কলেজৰপৰা নাম কটাই এৰুৱাই আনিলে আৰু জোৰকৈ ছুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠাই দিলে। নিশ্চয় সেইটোৱেই আছিল বিধাতাৰো অভিপ্ৰেত, কাৰণ এডৱাৰ্ড গিবনে তেওঁৰ যৌৱনৰ সৰ্বশ্ৰেষ্ঠ বছৰকেইটা লুছানত অতিবাহিত নকৰা হ’লে তেওঁ গিবন হ’লহেঁতেননে নাই সেই বিষয়ে সন্দেহ আছে।

Q97

“. . . তাৰ কাৰণে মোক অকণো দোষে চুব নোৱাৰিলেহেঁতেন।”
— উদ্ধৃত বাক্যটোত লেখকে কিহৰ কাৰণে তেওঁক দোষে চুব নোৱাৰাৰ কথা কৈছে ?

  1. (1) ‘ডিক্লাইন এণ্ড ফল’ কিতাপখন নপঢ়াৰ কাৰণে
  2. (2) ‘ডিক্লাইন এণ্ড ফল’ৰ বিষয়ে নজনাৰ কাৰণে
  3. (3) ‘ডিক্লাইন এণ্ড ফল’ নপঢ়াকৈয়ে কিতাপখন এশখন সৰ্বশ্ৰেষ্ঠ কিতাপৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ ওলোৱাৰ কাৰণেCorrect answer
  4. (4) ‘এশখন সৰ্বশ্ৰেষ্ঠ কিতাপৰ তালিকা’ প্ৰস্তুত কৰিব নোৱাৰাৰ কাৰণে

Solution.

CBSE answer: (3)

উত্তৰ: (3) ‘ডিক্লাইন এণ্ড ফল’ নপঢ়াকৈয়ে কিতাপখন এশখন সৰ্বশ্ৰেষ্ঠ কিতাপৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ ওলোৱাৰ কাৰণে

  1. আগৰ বাক্যত লেখকে কৈছে, তেওঁ কিতাপখন নপঢ়াকৈয়ে এশখন সৰ্বশ্ৰেষ্ঠ কিতাপৰ তালিকাত ঠাই দিব পাৰিলেহেঁতেন।
  2. ‘তাৰ কাৰণে’ এই কামটোকে বুজাইছে, ঠিক ডাৰেলে কৰাৰ দৰে।

সাৱধান: (1) কেৱল নপঢ়াৰ কথা কয়, তালিকাত ঠাই দিয়াৰ কথাটো বাদ দিয়ে।