ভূঞাসকলৰ সতি-সন্ততিয়ে কোনগৰাকী আহোম ৰজাৰ দিনত বিদ্ৰোহ কৰিছিল বুলি উল্লেখ কৰা হৈছে?
- (1) চুক্লেনমুং
- (2) চুজাংফা
- (3) চুখাংফা
- (4) চুহুংমুং
নিৰ্দেশ : তলত দিয়া ৰচনাখণ্ড পঢ়ি তাৰ তলত দিয়া প্ৰশ্নসমূহৰ আটাইতকৈ উপযুক্ত/শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ :
কছাৰীসকলৰ সভ্যতা উচ্চমানৰ আছিল। তেওঁলোকৰ স্থাপত্যসমূহত মুছলমানসকলৰ প্ৰভাৱ দেখা যায়। ডিমাপুৰ, মায়বাং আৰু খাচপুৰকে ধৰি তেওঁলোকৰ ৰাজধানীসমূহৰ ভগ্নাৱশেষবোৰে আজিও এসময়ৰ অসমৰ প্ৰতাপী কছাৰী জাতিৰ পৰিচয় বহন কৰি আছে। আহোমসকলতকৈ বহু আগৰে পৰা তেওঁলোকে ইটাৰ ব্যৱহাৰ জানিছিল। ডিমাপুৰ নগৰখন ইটাৰ প্ৰাচীৰেৰে আৱৰা আছিল। নগৰৰ পূবে সুউচ্চ জোঙা চূড়াৰে এখন প্ৰকাণ্ড দুৱাৰ আছিল। ইয়াৰ চাৰিওকাষে ইটাৰে নিৰ্মিত কেইবাচুকীয়া প্ৰকাণ্ড প্ৰকাণ্ড গম্বুজ আছিল। সেইবোৰত হাতী, হৰিণা, কুকুৰা, ম’ৰাচৰাই আদি খোদিত কৰা হৈছিল। ইয়াৰ উপৰিও ডিমাপুৰত ভালেমান পুখুৰীও খন্দোৱা হৈছিল। সেইদৰে চাৰিওফালে প্ৰাচীৰেৰে আৱৰা মায়বাঙতো বহুতো মন্দিৰৰ ভগ্নাৱশেষ পোৱা গৈছে।
চুটিয়া আৰু কছাৰীসকলৰ দৰেই ভূঞা সামন্তসকলৰ শাসনো প্ৰাক্-আহোম যুগৰ। প্ৰাচীন কামৰূপ ৰাজ্যৰ পূব অংশত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ভূঞাসকলৰ সৰু সৰু ৰাজ্য আছিল। ভাষাৰ ফালৰ পৰা ভূঞা শব্দৰ অৰ্থ হৈছে মাটিৰ মালিক বা জমিদাৰ। তেওঁলোক কোনো নিৰ্দিষ্ট জাতিৰ মানুহ নাছিল। ৰজা নোহোৱাকৈ নিজ বাহুবলেৰে যিসকল লোকে ৰাজ্য শাসন কৰিছিল তেওঁলোককে ভূঞা বোলা হৈছিল। প্ৰত্যেকজন ভূঞাই নিজৰ ৰাজ্যৰ ভিতৰত স্বাধীন আছিল, কিন্তু উমৈহতীয়া শত্ৰুৰ বিৰুদ্ধে তেওঁলোক একেলগে থিয় দিছিল। যেতিয়ালৈকে কামৰূপৰ ৰজাসকল শক্তিশালী আছিল, ভূঞাসকল তেওঁলোকৰ অধীনত আছিল। কিন্তু তেৰ শতিকাৰ আগভাগৰ পৰাই মুছলমানৰ কামৰূপ আক্ৰমণৰ সুযোগ লৈ ৰাজ্যৰ পূবৰ অঞ্চলসমূহত ভূঞাসকল ক্ষমতাশালী হৈ উঠিছিল আৰু কামৰূপ ৰজাৰ অধীনতা প্ৰায় অস্বীকাৰ কৰিছিল। এনে সময়তে তুঘ্ৰিল খাঁৰ আক্ৰমণ আৰু ৰাজধানী কমতাপুৰলৈ স্থানান্তৰকৰণে তেওঁলোকক অধিক শক্তিশালী কৰি তুলিলে। সেই সময়ত ব্ৰহ্মপুত্ৰৰ উত্তৰে সোৱণশিৰি নৈলৈকে আৰু দক্ষিণে নগাঁৱৰ কপিলী নৈলৈকে সমগ্ৰ অঞ্চলত ভূঞাসকলে স্বাধীনভাৱে ৰাজ্য শাসন কৰিবলৈ ধৰিলে। আৰিমত্ত ৰজা হৈ মাজতে পূব কামৰূপৰ ভূঞাসকলৰ বিৰুদ্ধে অভিযান চলাই তেওঁলোকক কিছু কাললৈ দমন কৰিছিল যদিও আৰিমত্তৰ পাছত বা খেন বংশৰ ৰজাসকলৰ কোনো এজনেও ভূঞাসকলক দমন কৰিব পৰা নাছিল। ১৪৯৮ খ্ৰিষ্টাব্দত বংগৰ নবাব হুছেইন শ্বাহে কমতাপুৰ দখল কৰাৰ সময়ত ৰাজ্যৰ প্ৰধান ভূঞাসকলে হুছেইন শ্বাহৰ বশ্যতা স্বীকাৰ কৰাত হুছেইন শ্বাহে পুতেক দানিয়েলক হাজোত শাসনকৰ্তা পাতি গৌড়লৈ উভতি গৈছিল। কিন্তু হুছেইন শ্বাহ উভতি যোৱাৰ লগে লগেই ভূঞাসকল পুনৰ সংঘবদ্ধ হৈ মুছলমানক ৰাজ্যৰ পৰা খেদি পঠিয়ায়। যুদ্ধত দানিয়েলৰো প্ৰাণহানি হয়। ইয়াৰ পাছত ভূঞা সামন্তসকলে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য প্ৰতিষ্ঠা কৰি কমতা শাসন কৰিবলৈ লয়। কিন্তু তেওঁলোকৰ মাজত সৃষ্টি হোৱা শক্তি বৃদ্ধিৰ পাৰস্পৰিক সংঘৰ্ষৰ ফলত কিছুদিনৰ ভিতৰতে কমতা ৰাজ্যত অৰাজকতাই দেখা দিয়ে। অৱশ্যে সৰু সৰু ৰাজ্যত ৰাজত্ব কৰি থকাৰ কাৰণে ভূঞাসকল বেছি পৰাক্ৰমী নাছিল। কাৰণ চুটিয়া ৰজা ৰত্নধ্বজপাল বা আহোম স্বৰ্গদেৱ চুখাংফা আৰু চুজাংফাই ভূঞাসকলৰ ৰাজ্য অতিক্ৰম কৰিবলৈ গৈছিল। শেষত চুহুংমুং স্বৰ্গদেৱ উত্তৰ পাৰৰ ভূঞাসকলক পৰাস্ত কৰি তেওঁলোকৰ ৰাজ্য আহোম ৰাজ্যত চামিল কৰে। পুনৰ চুক্লেনমুং স্বৰ্গদেৱৰ দিনত ভূঞাৰ সতি-সন্ততিসকলে বিদ্ৰোহ কৰাত স্বৰ্গদেৱে সেই বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰে।
ভূঞাসকলৰ সতি-সন্ততিয়ে কোনগৰাকী আহোম ৰজাৰ দিনত বিদ্ৰোহ কৰিছিল বুলি উল্লেখ কৰা হৈছে?
কছাৰীসকলৰ বিষয়ে অশুদ্ধ উক্তিটো বাচি উলিওৱাঁ।
পিতৃয়ে হাজোৰ শাসনকৰ্তা হিচাপে অধিষ্ঠিত কৰা বংগৰ নবাবৰ পুত্ৰজন আছিল
ব্ৰহ্মপুত্ৰৰ উত্তৰে সোৱণশিৰি নৈলৈকে আৰু দক্ষিণে নগাঁৱৰ কপিলী নৈলৈকে সমগ্ৰ অঞ্চলত কোনে স্বাধীনভাৱে শাসন কৰিছিল?
ভূঞাসকলৰ বিষয়ে শুদ্ধ উক্তিটো বাচি উলিওৱাঁ।
‘‘ডিমাপুৰ নগৰখন ইটাৰ প্ৰাচীৰেৰে আৱৰা আছিল।’
উদ্ধৃত বাক্যটোৰ ৰেখাংকিত প্ৰয়োগ হোৱা বিভক্তিটো হৈছে
‘ভগ্নাৱশেষ’ শব্দটোৰ সন্ধি ভাঙি দেখুওৱাঁ।
‘‘ইয়াৰ চাৰিওকাষে ইটাৰে নিৰ্মিত কেইবাচুকীয়া প্ৰকাণ্ড প্ৰকাণ্ড গম্বুজ আছিল।’’
উদ্ধৃত বাক্যটোৰ ৰেখাংকিত পদটোত ______ প্ৰয়োগ হৈছে।
ভাষিক দিশেৰে ভূঞা শব্দৰ অৰ্থ হৈছে
নিৰ্দেশ : তলৰ কবিতাটো মনোযোগেৰে পঢ়ি তাৰ তলত দিয়া প্ৰশ্নসমূহৰ আটাইতকৈ উপযুক্ত/শুদ্ধ বিকল্পটো নিৰ্বাচন কৰি উত্তৰ কৰাঁ :
আহিছে মানুহ গইছে মানুহ,
মানুহ ময়াপী জীৱ ;
মানুহ সোঁতৰ অন্ত নাইকিয়া,
বুলিলে মৰত কিয় ?
মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে ;
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰমতে।
মানুহেই লগ মানুহেই সঙ্গ
মানুহেই পৰাৎপৰ ;
এই যে পৃথিৱী স্বৰ্গতো অধিক
মানুহৰ নিজাপী ঘৰ।
মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ ;
কৰাঁ কৰাঁ পূজা পাদ্য-অৰ্ঘ্য লৈ,
জয় জয় মানৱ দেৱ।
উদ্ধৃত কবিতাটোত কবিয়ে কিহক বা কাক ‘স্বৰ্গতকৈয়ো অধিক’ বুলি কৈছে?
পাদ্য-অৰ্ঘ্য লৈ কবিয়ে কাক পূজা কৰাৰ কথা কৈছে?
‘মানুহ ময়াপী জীৱ’ বোলাৰ অৰ্থ কি?
কবিতাটোত উল্লিখিত ‘জনম’, ‘কৰম’, ‘ধৰম’ শব্দকেইটাৰ উৎস শব্দকেইটা হৈছে
কবিতাটোৰ পংক্তিৰ মাজত দেৱ, সেৱ, কেৱ শব্দকেইটাৰ অন্ত্যমিল প্ৰয়োগ হৈছে। ইয়াৰে তৃতীয়টো শব্দৰ অৰ্থ হৈছে
উদ্ধৃত কবিতাটোত কোনবিধ কাব্যালংকাৰৰ প্ৰয়োগ স্পষ্ট?
চম্স্কীয়ে উত্থাপন কৰিছিল যে, ভাষা আহৰণ কৰাৰ জন্মগত তথা অন্তৰ্নিহিত ক্ষমতা হৈছে মানুহৰ এক জৈৱিক উত্তৰাধিকাৰ। এই উত্তৰাধিকাৰক কি বুলি জনা যায়?
ভাষাৰ আটাইতকৈ ক্ষুদ্ৰতম অৰ্থবহ গোট হৈছে
দুই-তিনিমহীয়া শিশুৱে মুক্ত স্বৰধ্বনি কিছুমান উচ্চাৰণ কৰিব পাৰে। এনে উচ্চাৰণ তলত দিয়া কোনটোৰ উদাহৰণ?
অংকিতাই ছটা বেলেগ বেলেগ ভাষা বুজি পায় আৰু ক’ব পাৰে। অংকিতা এগৰাকী
ভাষা মিশ্ৰণ (code mixing), ভাষা সঞ্চৰণ (code switching), শিশুৰ ভাষা, গুপ্ত ভাষা, আদি বিষয়সমূহ পঢ়িবলৈ আগ্ৰহীজনে তলৰ কোনটো বিভাগত অধ্যয়ন কৰিব?
তলত দিয়া ক্ষেত্ৰসমূহৰ কোনটো বিপৰীত বা ব্যতিৰেকী বিশ্লেষণ (contrastive analysis)ৰ অংশ নহয়?
এগৰাকী ইংৰাজীৰ শিক্ষকে তেওঁৰ শ্ৰেণীকোঠাত সহজভাৱে মাতৃভাষাৰ ব্যৱহাৰ কৰিছে। শিক্ষকগৰাকীয়ে তলত উল্লেখ কৰা কোনটো পদ্ধতিৰ প্ৰয়োগ কৰিছে?
কোনো ধৰণৰ বিশদ বিৱৰণ নকৰাকৈ চমুকৈ মূল কথাখিনি নিৰ্ভুলভাৱে উপস্থাপন কৰি লিখিব পৰা দক্ষতাটো হৈছে
তলত দিয়া কোনটোৰ দ্বাৰা ফলপ্ৰসূভাৱে কণ্ঠভংগী বা কণ্ঠস্বৰৰ প্ৰকাশ (voice expression) বিচাৰ কৰিব পৰা যায়?
একোটা শ্ৰেণীত ছাত্ৰ-ছাত্ৰীক বহিবলৈ দিয়া স্থানসমূহৰ সালসলনি কৰা উচিত। কাৰণ, এনে কৰিলে
বুনিয়াদী স্তৰত পঠন দক্ষতাৰ মূল্যায়ন কৰিবৰ কাৰণে তলত দিয়া কোনটোত শিক্ষকে আটাইতকৈ মনোযোগ দিয়া উচিত?
ফলপ্ৰসূ যোগাযোগ বা ভাব-বিনিময় নিশ্চিত কৰিবৰ কাৰণে কি কৰা উচিত?
ইংৰাজী ব্যাকৰণ শিকোৱাৰ এটা মুখ্য উদ্দেশ্য হৈছে
বুনিয়াদী স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ লিখন দক্ষতা বিকাশ কৰোঁতে শিক্ষকে কেনেধৰণৰ বিষয়ৰ লগত জড়িত বিষয়ত লিখিবলৈ উৎসাহিত কৰা উচিত?
তোমাৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীবোৰৰ মাজৰ ব্যক্তিবিশেষ-পাৰ্থক্যসমূহ চিহ্নিত কৰিব বিচাৰিছা। ইয়াৰ কাৰণে তুমি তলৰ কোনটোৰ প্ৰয়োগ কৰিবা?
পেৰিছৰ নটেৰ-ড্যাম কেথেড্ৰেল কিন্তু সবাতোকৈ পুৰণা নহয়। ছেণ্ট-জাৰমেইন-ড্য-পেঁচ গীৰ্জাহে পুৰণা। ইয়াৰ আৰম্ভণি হৈছিল একাদশ শতিকাত। পেৰিছলৈ আহি যদি আপুনি সময় নাপায় আৰু যিকোনো পেৰিছিয়ান মহিলাক সোধে যে মোৰ হাতত সময় বৰ কম, ইয়াৰ ভিতৰতে কি কি চাম বা কি চালে পেৰিছৰ কথা বুজিম, আপুনি হয়তো দহগৰাকীৰ ভিতৰত ন-গৰাকীৰ পৰা উত্তৰ পাব—আইফিল টাৱাৰ, সঁ এলিয়াঁ, লুভ, চিয়েন নদী আৰু নটেৰ-ড্যাম। সঁচাই জানে এই পাঁচবিধ দ্ৰষ্টব্য ঠাই চালে পেৰিছৰ আত্মাক চিনিব পৰা যায়।
এনেহেন বিখ্যাত নটেৰ-ড্যাম গীৰ্জাত আমি চেন নাইবা চিয়েন (অশুদ্ধ উচ্চাৰণ) নদীৰ মাজত দুটা সৰু দ্বীপ এটা ইল ড্য লা চাইট (Ile de la Cite) আনটো ইল ড্য চেঁ লুই (Ile de St. Louis)। প্ৰথমটোতেই অৱস্থিত—এই বিখ্যাত কেথেড্ৰেল। ধৰক আমাৰ গুৱাহাটীৰ বুকুৰ উৰ্বশী-উমানন্দৰ দৰে। কল্পনা কৰি লওক মাথোন দুয়োটা দলং দি সংযোগ কৰা হৈছে—কাছাৰীঘাটৰ পৰা।
আমি নটেৰ-ড্যাম কেথেড্ৰেলত গৈ দেখোঁ প্ৰাৰ্থনা হৈ আছে। আমি সোমাবলৈ অলপ ইতস্ততঃ কৰিছিলো। দুৱাৰ মুখত থকা মানুহ এজনে সুধিলে ভিতৰখন চাব নেকি? মূৰ জোকাৰিলোঁ। সোমাবলৈ দিলে। ভিতৰত সোমাই দেখোঁ বিৰাট কাৰবাৰ। প্ৰায় হেজাৰতকৈ বেছি মানুহে ভিতৰত প্ৰাৰ্থনা কৰি আছে। বেদীৰ ওচৰত প্ৰায় চাৰিটা পিয়ানোত চাৰ্চ মিউজিক বজাইছে। দাঁতিৰ পিনে মমবাতি ৰং-বিৰঙৰ জ্বলাই দিছে। এটা স্বৰ্গীয় পৰিবেশ, এন্ধাৰ-পোহৰৰ, লুকা-ভাকু, সুগন্ধি সুবাসেৰে গোন্ধাই আছে, কিছু মানুহ প্ৰাৰ্থনাত মগ্ন আৰু এই বিয়াগোম কেথেড্ৰেলত আমাৰ নিজকে পৰুৱাৰ দৰে লাগিছে।
প্ৰত্যেকটো স্তম্ভৰ মাজতে এখনকৈ পেইণ্টিং। বিখ্যাত শিল্পীয়ে অঁকা। বেছিভাগ ধৰ্মীয় ছবি। যীশুৰ জীৱনৰ বিভিন্ন ঘটনাক আলম কৰি অঁকা ছবি।
বহু বছৰ আগতে প্ৰথম পেৰিছবাসী, এই সৰু দ্বীপটোত বসবাস কৰিছিল। পেৰিছ সংস্কৃতিৰ বিকাশৰ কেন্দ্ৰ এই নিচেই সৰু দ্বীপটোৱেই নটেৰ-ড্যামত যোৱা দুহাজাৰ বছৰৰ পৰা প্ৰাৰ্থনা কৰা হয়। বৰ্তমানৰ নটেৰ-ড্যাম গীৰ্জাটো ১১৬৩ চনত গথিক আৰ্হিত নিৰ্মাণ কৰা হয়।
ইভে মাজে মাজে বৰ আমোদৰ কথা কয় ঃ “পেৰিছিয়ানবোৰ অলপ আৰামপ্ৰিয়, সকলো কাম ধীৰে-সুস্থিৰে কৰে, গতিকে এই কেথেড্ৰেলটো সজা আৰম্ভ হয় যদিও ১২ শতিকাত, শেষ হয় চৈধ্য শতিকাত, ১৩৪৫ চনত। অৰ্থাৎ মাত্ৰ প্ৰায় দুশ বছৰ লাগে।” (এতিয়ালৈকে ভাবিছিলোঁ অসমকহে লেণ্ড অব্ লাহে লাহে বোলে—এতিয়া দেখিছোঁ পেৰিছবাসীও কম নহয়।)
বৰ্তমানৰ নটেৰ-ড্যাম গীৰ্জাটো কেতিয়া নিৰ্মাণ কৰা হৈছিল?
ইল ড্য লা চাইট আৰু ইল ড্য চেঁ লুইক লেখকে কিহৰ সৈতে তুলনা কৰিছে?
প্ৰাৰ্থনা হৈ থকা সময়ত গীৰ্জাৰ সংগীত ক’ত, কেনেদৰে বজোৱা হৈছিল?
নটেৰ-ড্যাম কেথেড্ৰেলৰ বিষয়ে শুদ্ধ উক্তিটো বাচি উলিওৱাঁ।
ছেণ্ট-জাৰমেইন-ড্য-পেঁচ হৈছে
‘বিখ্যাত’ শব্দটোৰ বিপৰীত অৰ্থসূচক শব্দটো হৈছে
‘ইতস্ততঃ’ শব্দটোৰ অৰ্থ হৈছে
পেৰিছক বুজি পাব পৰাকৈ পৰ্য্যটকে চাবলগা স্থানসমূহৰ ভিতৰত তলৰ কোনটো অন্তৰ্ভুক্ত নহয়?
হাৱাৰ্ড ডেনিচন মোমিনক ‘আধুনিক গাৰো সাহিত্যৰ জনক’ বুলি আখ্যা দিয়া হৈছিল। তেৱেঁই পোনপ্ৰথমে ‘A·chik Ku·rang’ অৰ্থাৎ ‘গাৰো মানুহৰ মাত’ নামৰ গাৰো ভাষাৰ এখন আলোচনী প্ৰকাশ কৰিছিল।
প্ৰথমাৱস্থাত শিক্ষকতাই তেওঁৰ জীৱিকাৰ মূল পথ আছিল। কিন্তু পাছৰ কালছোৱাত সামাজিক কামত ব্যস্ততাৰে জীৱন অতিবাহিত কৰিছিল।
১৯১৩ চনৰ ২০ ফেব্ৰুৱাৰীত মেঘালয়ৰ সৰু চহৰ তুৰাত হাৱাৰ্ড ডেনিচনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ জবাং ডি মাৰাক আমেৰিকালৈ পঢ়িবলৈ যোৱা গাৰো সম্প্ৰদায়ৰ ভিতৰত প্ৰথমজন ব্যক্তি আছিল। জবাং ডি মাৰাক ১৯০৫ চনৰ পৰা ১৯১১ চনলৈকে আমেৰিকাৰ হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ ‘ডেনিচন স্কুল’ত শিক্ষা লাভ কৰিছিল। তাৰে স্মৃতিস্বৰূপে তেওঁ নিজৰ জ্যেষ্ঠ পুত্ৰৰ নাম ‘হাৰৱাৰ্ড ডেনিচন ডব্লিউ মোমিন’ বুলি ৰাখিছিল। ইয়াৰ অৰ্থ শিক্ষা আৰু ধৰ্মৰ উৎপত্তি। হাৰৱাৰ্ড ডেনিচন ডব্লিউ মোমিনে কলিকতাত পঢ়ি থকা অৱস্থাত তেওঁৰ নাম ‘হাৱাৰ্ড ডেনিচন মোমিন’ নামেৰে সলনি কৰিছিল।
তেওঁৰ ন বছৰ বয়সত কলিকতাৰ সেণ্ট জেমচ ইংলিচ স্কুলত নাম ভৰ্তি কৰা হয়। এইখন স্কুলত পঢ়ি থকা সময়ছোৱাত হাৱাৰ্ড ডেনিচনৰ হাতে অঁকা ছবিখন লণ্ডনত অনুষ্ঠিত হোৱা একাদশ কমনৱেলথ একজিভিচনলৈ পঠিওৱা হৈছিল আৰু হাৱাৰ্ড ডেনিচনে সন্মানজনক পুৰস্কাৰ লাভ কৰিছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ কলিকতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা ১৯৩৪ চনত স্নাতক ডিগ্ৰী লাভ কৰে, ১৯৩৬ চনত ইংৰাজী সাহিত্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ইংৰাজীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা গাৰো সম্প্ৰদায়ৰ ভিতৰত প্ৰথমজন ব্যক্তি আছিল হাৱাৰ্ড ডেনিচন মোমিন।
হাৱাৰ্ড ডেনিচন মোমিনক তুৰাৰ শাসকীয় বিভাগত বিচাৰকৰ্তা নিযুক্তি দিয়া হৈছিল। ১৯৪০ চনত গুৱাহাটীৰ কটন কলেজত ইংৰাজী বিষয়ৰ প্ৰবক্তা হিচাপে যোগদান কৰিছিল। কটন কলেজত কৰ্মৰত অৱস্থাত কিছুসংখ্যক গাৰো ছাত্ৰ-ছাত্ৰীৰ সহযোগত তেওঁ ‘আছিক খুৰাং’ নামৰ আলোচনীখন প্ৰকাশ কৰিছিল।
তেওঁ লিখা কবিতাসমূহৰ ভিতৰত ১৯৪১ চনত ‘গাৰো মাত-বোল’, ‘NANGKO GISIK RAGEN’ (তোমালৈ মনত পৰিব), ‘DO. MA SKINI GIT’ (চাতকী চৰাইৰ গীত), ‘SENGWAT’ (জোনাকী পৰুৱা), ‘ME.CHIK ARO TA-MAKU’ (মাইকী আৰু তবাকু) আৰু ১৯৪২ চনত ‘BILSI GITAL’ (নতুন বছৰ) এইবোৰেই প্ৰধান আছিল।
হাৱাৰ্ড ডেনিচন মোমিনে ‘আছিক খুৰাং’ নামৰ আলোচনীখন কেতিয়া প্ৰকাশ কৰিছিল?
হাৱাৰ্ড ডেনিচনে কেতিয়া আৰু ক’ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল?
উচ্চ শিক্ষা গ্ৰহণৰ উদ্দেশ্যৰে আমেৰিকালৈ যোৱা গাৰো সম্প্ৰদায়ৰ প্ৰথম ব্যক্তিজন হাৰৱাৰ্ডত কিমান সময় আছিল?
‘চেংৱাট’ৰ অসমীয়া ৰূপান্তৰণ হৈছে
‘উত্তীৰ্ণ’ শব্দটোৰ বিপৰীত অৰ্থসূচক শব্দটো হৈছে
11th Commonwealth Exhibition-ত হাৱাৰ্ড ডেনিচনে কি কাৰণে পুৰস্কাৰ লাভ কৰিছিল?
“প্ৰথমাৱস্থাত শিক্ষকতাই তেওঁৰ জীৱিকাৰ মূল পথ আছিল। কিন্তু পাছৰ কালছোৱাত সামাজিক কামৰ ব্যস্ততাৰে জীৱন অতিবাহিত কৰিছিল।”
উদ্ধৃত বাক্যটোৰ ৰেখাংকিত পদটো হৈছে
দ্বিতীয় ভাষা আহৰণৰ ক্ষেত্ৰত প্ৰযোজ্য সূত্ৰ বা তত্ত্বত আহৰণ (acquisition), স্বাভাৱিক, ইন্পুট্, প্ৰভাৱী প্ৰমেয় (dominant hypothesis), আদি পৰিভাষাসমূহ ব্যৱহাৰ কৰা ভাষাবিদগৰাকী আছিল
স্তৰ আৰু পৰ্যায়ক্ৰম (grading and sequence)-ৰ আদৰ্শসমূহ তলত দিয়া কোনটোৱে জড়িত কৰায়?
তুমি লক্ষ্য কৰিছা যে তোমাৰ ছাত্ৰ-ছাত্ৰীবোৰক লক্ষ্য ভাষা (target language)-ৰ নমুনা কিছুমানৰ সৈতে পৰিচয় কৰাই সিহঁতক সেইবোৰ অনুকৰণ আৰু সঁহাৰিৰ প্ৰতি উৎসাহিত কৰাৰ প্ৰয়োজনীয়তা আছে। এই উদ্দেশ্যৰ কাৰণে তলত দিয়া কোনটো পদ্ধতি আটাইতকৈ উপযুক্ত হ’ব?
শিশু এটাই মাতৃভাষা শিকাটো হৈছে
এগৰাকী সক্ৰিয় শ্ৰোতাই তলত দিয়া কোনটো লগে লগেই বুজি পাব পাৰে?
শ্ৰেণীকোঠাত কবিতা পঢ়াবৰ কাৰণে প্ৰথমে শিক্ষকজনে কবিতাটো পঢ়ি শুনালে আৰু তাৰ পাছত তেওঁ কিছুমান গোটত ছাত্ৰ-ছাত্ৰীবোৰক ভাগ কৰি দলীয় কাৰ্য কিছুমান কৰিবলৈ দিলে। এটা গোটে কবিতাটোৰ বিষয়বস্তু লিখিব, আন এটা গোটে কবিতাটোৰ মুখ্য চৰিত্ৰটোৰ ছবি আঁকিব আৰু আন এটা গোটে কবিতাটোৰ সাৰাংশ লিখিব। শিক্ষকজনৰ এই কাৰ্যৰ উদ্দেশ্য হৈছে
দ্বিতীয় ভাষাৰ শ্ৰেণীকোঠা এটাত সাধাৰণতে বিভিন্ন ভাষাৰ সমাৱেশ হয়। এনে শ্ৰেণীকোঠাত শিক্ষকে কি কৰা উচিত?
তুমি তোমাৰ ছাত্ৰ-ছাত্ৰীবোৰৰ এটা পৰীক্ষা লওঁতে প্ৰশ্নকাকতখন এনেদৰে প্ৰস্তুত কৰিছা যে সিহঁতে কাল, অব্যয়, প্ৰত্যয়, বিশেষণ আদি সঠিককৈ প্ৰয়োগ কৰিবলগা হয়। এইক্ষেত্ৰত তুমি কোনটো পদ্ধতি বা অভিগমন ব্যৱহাৰ কৰিছা?
শিশুবোৰে আগবয়সত দেৱাল, মজিয়া, টোকাবহী আদিত আঁক-বাক কৰে। ভাষা শিকনৰ এই স্তৰটোক কি বুলি জনা যায়?
যোগাযোগমূলক ভাষা শিকনে তলত দিয়া কোন দুটাৰ পাৰস্পৰিক নিৰ্ভৰশীলতাত গুৰুত্ব দিয়ে?
তোমাৰ শ্ৰেণীকোঠাৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিকন প্ৰক্ৰিয়াৰ ৰেকৰ্ড ৰাখিবৰ কাৰণে চুটি চুটি টোকাৰ কিছুমান ৰাখিবলগা হৈছে। এই কামৰ কাৰণে তুমি কোনটো কৌশল (technique) অৱলম্বন কৰিবা?
ব্যাকৰণৰ ক্ষেত্ৰত তলত দিয়া উক্তিকেইটাৰ ভিতৰত কোনটো শুদ্ধ?
যেতিয়া ভাষাৰ কোনো পৰিৱেশ বা অভিজ্ঞতাৰ সংস্পৰ্শলৈ নহাকৈ কেঁচুৱা এটা বা একেবাৰে কমবয়সীয়া শিশু এটা ডাঙৰ হয়, তেতিয়া তেনে শিশুৰ ভাষাৰ বিকাশ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয় আৰু এই ক্ষতিৰ সংশোধনো নহয়। তলৰ কোনটোৱে এই ব্যাখ্যাক প্ৰতিনিধিত্ব কৰে?
ব্যাকৰণ কিদৰে শিকোৱা উচিত?
তুমি তোমাৰ শ্ৰেণীকোঠাত ভাষা-সমৃদ্ধ পৰিৱেশ এটা সৃষ্টি কৰিব বিচাৰিছা। ইয়াৰ কাৰণে তোমাৰ কি কৰা উচিত?