পিতৃয়ে হাজোৰ শাসনকৰ্তা হিচাপে অধিষ্ঠিত কৰা বংগৰ নবাবৰ পুত্ৰজন আছিল
- (1) তুঘ্ৰিল খাঁ
- (2) হুছেইন শ্বাহ
- (3) তুৰ্বক
- (4) দানিয়েল
নিৰ্দেশ : তলত দিয়া ৰচনাখণ্ড পঢ়ি তাৰ তলত দিয়া প্ৰশ্নসমূহৰ আটাইতকৈ উপযুক্ত/শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ :
কছাৰীসকলৰ সভ্যতা উচ্চমানৰ আছিল। তেওঁলোকৰ স্থাপত্যসমূহত মুছলমানসকলৰ প্ৰভাৱ দেখা যায়। ডিমাপুৰ, মায়বাং আৰু খাচপুৰকে ধৰি তেওঁলোকৰ ৰাজধানীসমূহৰ ভগ্নাৱশেষবোৰে আজিও এসময়ৰ অসমৰ প্ৰতাপী কছাৰী জাতিৰ পৰিচয় বহন কৰি আছে। আহোমসকলতকৈ বহু আগৰে পৰা তেওঁলোকে ইটাৰ ব্যৱহাৰ জানিছিল। ডিমাপুৰ নগৰখন ইটাৰ প্ৰাচীৰেৰে আৱৰা আছিল। নগৰৰ পূবে সুউচ্চ জোঙা চূড়াৰে এখন প্ৰকাণ্ড দুৱাৰ আছিল। ইয়াৰ চাৰিওকাষে ইটাৰে নিৰ্মিত কেইবাচুকীয়া প্ৰকাণ্ড প্ৰকাণ্ড গম্বুজ আছিল। সেইবোৰত হাতী, হৰিণা, কুকুৰা, ম’ৰাচৰাই আদি খোদিত কৰা হৈছিল। ইয়াৰ উপৰিও ডিমাপুৰত ভালেমান পুখুৰীও খন্দোৱা হৈছিল। সেইদৰে চাৰিওফালে প্ৰাচীৰেৰে আৱৰা মায়বাঙতো বহুতো মন্দিৰৰ ভগ্নাৱশেষ পোৱা গৈছে।
চুটিয়া আৰু কছাৰীসকলৰ দৰেই ভূঞা সামন্তসকলৰ শাসনো প্ৰাক্-আহোম যুগৰ। প্ৰাচীন কামৰূপ ৰাজ্যৰ পূব অংশত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ভূঞাসকলৰ সৰু সৰু ৰাজ্য আছিল। ভাষাৰ ফালৰ পৰা ভূঞা শব্দৰ অৰ্থ হৈছে মাটিৰ মালিক বা জমিদাৰ। তেওঁলোক কোনো নিৰ্দিষ্ট জাতিৰ মানুহ নাছিল। ৰজা নোহোৱাকৈ নিজ বাহুবলেৰে যিসকল লোকে ৰাজ্য শাসন কৰিছিল তেওঁলোককে ভূঞা বোলা হৈছিল। প্ৰত্যেকজন ভূঞাই নিজৰ ৰাজ্যৰ ভিতৰত স্বাধীন আছিল, কিন্তু উমৈহতীয়া শত্ৰুৰ বিৰুদ্ধে তেওঁলোক একেলগে থিয় দিছিল। যেতিয়ালৈকে কামৰূপৰ ৰজাসকল শক্তিশালী আছিল, ভূঞাসকল তেওঁলোকৰ অধীনত আছিল। কিন্তু তেৰ শতিকাৰ আগভাগৰ পৰাই মুছলমানৰ কামৰূপ আক্ৰমণৰ সুযোগ লৈ ৰাজ্যৰ পূবৰ অঞ্চলসমূহত ভূঞাসকল ক্ষমতাশালী হৈ উঠিছিল আৰু কামৰূপ ৰজাৰ অধীনতা প্ৰায় অস্বীকাৰ কৰিছিল। এনে সময়তে তুঘ্ৰিল খাঁৰ আক্ৰমণ আৰু ৰাজধানী কমতাপুৰলৈ স্থানান্তৰকৰণে তেওঁলোকক অধিক শক্তিশালী কৰি তুলিলে। সেই সময়ত ব্ৰহ্মপুত্ৰৰ উত্তৰে সোৱণশিৰি নৈলৈকে আৰু দক্ষিণে নগাঁৱৰ কপিলী নৈলৈকে সমগ্ৰ অঞ্চলত ভূঞাসকলে স্বাধীনভাৱে ৰাজ্য শাসন কৰিবলৈ ধৰিলে। আৰিমত্ত ৰজা হৈ মাজতে পূব কামৰূপৰ ভূঞাসকলৰ বিৰুদ্ধে অভিযান চলাই তেওঁলোকক কিছু কাললৈ দমন কৰিছিল যদিও আৰিমত্তৰ পাছত বা খেন বংশৰ ৰজাসকলৰ কোনো এজনেও ভূঞাসকলক দমন কৰিব পৰা নাছিল। ১৪৯৮ খ্ৰিষ্টাব্দত বংগৰ নবাব হুছেইন শ্বাহে কমতাপুৰ দখল কৰাৰ সময়ত ৰাজ্যৰ প্ৰধান ভূঞাসকলে হুছেইন শ্বাহৰ বশ্যতা স্বীকাৰ কৰাত হুছেইন শ্বাহে পুতেক দানিয়েলক হাজোত শাসনকৰ্তা পাতি গৌড়লৈ উভতি গৈছিল। কিন্তু হুছেইন শ্বাহ উভতি যোৱাৰ লগে লগেই ভূঞাসকল পুনৰ সংঘবদ্ধ হৈ মুছলমানক ৰাজ্যৰ পৰা খেদি পঠিয়ায়। যুদ্ধত দানিয়েলৰো প্ৰাণহানি হয়। ইয়াৰ পাছত ভূঞা সামন্তসকলে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য প্ৰতিষ্ঠা কৰি কমতা শাসন কৰিবলৈ লয়। কিন্তু তেওঁলোকৰ মাজত সৃষ্টি হোৱা শক্তি বৃদ্ধিৰ পাৰস্পৰিক সংঘৰ্ষৰ ফলত কিছুদিনৰ ভিতৰতে কমতা ৰাজ্যত অৰাজকতাই দেখা দিয়ে। অৱশ্যে সৰু সৰু ৰাজ্যত ৰাজত্ব কৰি থকাৰ কাৰণে ভূঞাসকল বেছি পৰাক্ৰমী নাছিল। কাৰণ চুটিয়া ৰজা ৰত্নধ্বজপাল বা আহোম স্বৰ্গদেৱ চুখাংফা আৰু চুজাংফাই ভূঞাসকলৰ ৰাজ্য অতিক্ৰম কৰিবলৈ গৈছিল। শেষত চুহুংমুং স্বৰ্গদেৱ উত্তৰ পাৰৰ ভূঞাসকলক পৰাস্ত কৰি তেওঁলোকৰ ৰাজ্য আহোম ৰাজ্যত চামিল কৰে। পুনৰ চুক্লেনমুং স্বৰ্গদেৱৰ দিনত ভূঞাৰ সতি-সন্ততিসকলে বিদ্ৰোহ কৰাত স্বৰ্গদেৱে সেই বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰে।
পিতৃয়ে হাজোৰ শাসনকৰ্তা হিচাপে অধিষ্ঠিত কৰা বংগৰ নবাবৰ পুত্ৰজন আছিল
CBSE answer: (4)
উত্তৰ: (4) দানিয়েল
সাৱধান: হুছেইন শ্বাহ নিজে পিতৃ, পুত্ৰ নহয়; তুঘ্ৰিল খাঁ বেলেগ আক্ৰমণকাৰী।