By signing in you confirm you are 18 or older, or have your parent’s or guardian’s consent.

CTET 7 Feb 2026 Paper 1 Assamese, Question 104

Topic: Vocabulary

Passage

নিৰ্দেশ : তলৰ কবিতাটো মনোযোগেৰে পঢ়ি তাৰ তলত দিয়া প্ৰশ্নসমূহৰ আটাইতকৈ উপযুক্ত/শুদ্ধ বিকল্পটো নিৰ্বাচন কৰি উত্তৰ কৰাঁ :

আহিছে মানুহ গইছে মানুহ,
মানুহ ময়াপী জীৱ ;
মানুহ সোঁতৰ অন্ত নাইকিয়া,
বুলিলে মৰত কিয় ?
মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে ;
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰমতে।
মানুহেই লগ মানুহেই সঙ্গ
মানুহেই পৰাৎপৰ ;
এই যে পৃথিৱী স্বৰ্গতো অধিক
মানুহৰ নিজাপী ঘৰ।
মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ ;
কৰাঁ কৰাঁ পূজা পাদ্য-অৰ্ঘ্য লৈ,
জয় জয় মানৱ দেৱ।

Q104

কবিতাটোৰ পংক্তিৰ মাজত দেৱ, সেৱ, কেৱ শব্দকেইটাৰ অন্ত্যমিল প্ৰয়োগ হৈছে। ইয়াৰে তৃতীয়টো শব্দৰ অৰ্থ হৈছে

  1. (1) মানৱ
  2. (2) মানৱধৰ্ম
  3. (3) কেতিয়াও
  4. (4) কোনোCorrect answer

Solution.

CBSE answer: (4)

উত্তৰ: (4) কোনো

  1. পংক্তিটো হৈছে: ‘মানুহ বিনে নাই কেৱ’।
  2. ‘কেৱ’ মানে কোনো বা কোনো এজন; অৰ্থাৎ মানুহৰ বাহিৰে আন কোনো নাই।
  3. অন্ত্যমিল ৰাখিবলৈ কবিয়ে ‘কেও’ শব্দটোক ‘কেৱ’ ৰূপে লিখিছে, ‘দেৱ’ আৰু ‘সেৱ’ৰ সৈতে মিলাই।

সাৱধান: ‘কেতিয়াও’ সময় বুজায়, বাক্যটোত সময়ৰ কথা নাই।