By signing in you confirm you are 18 or older, or have your parent’s or guardian’s consent.

CTET 7 Feb 2026 Paper 1 Assamese, Question 129

Topic: Reading comprehension

Passage

হাৱাৰ্ড ডেনিচন মোমিনক ‘আধুনিক গাৰো সাহিত্যৰ জনক’ বুলি আখ্যা দিয়া হৈছিল। তেৱেঁই পোনপ্ৰথমে ‘A·chik Ku·rang’ অৰ্থাৎ ‘গাৰো মানুহৰ মাত’ নামৰ গাৰো ভাষাৰ এখন আলোচনী প্ৰকাশ কৰিছিল।

প্ৰথমাৱস্থাত শিক্ষকতাই তেওঁৰ জীৱিকাৰ মূল পথ আছিল। কিন্তু পাছৰ কালছোৱাত সামাজিক কামত ব্যস্ততাৰে জীৱন অতিবাহিত কৰিছিল।

১৯১৩ চনৰ ২০ ফেব্ৰুৱাৰীত মেঘালয়ৰ সৰু চহৰ তুৰাত হাৱাৰ্ড ডেনিচনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ জবাং ডি মাৰাক আমেৰিকালৈ পঢ়িবলৈ যোৱা গাৰো সম্প্ৰদায়ৰ ভিতৰত প্ৰথমজন ব্যক্তি আছিল। জবাং ডি মাৰাক ১৯০৫ চনৰ পৰা ১৯১১ চনলৈকে আমেৰিকাৰ হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ ‘ডেনিচন স্কুল’ত শিক্ষা লাভ কৰিছিল। তাৰে স্মৃতিস্বৰূপে তেওঁ নিজৰ জ্যেষ্ঠ পুত্ৰৰ নাম ‘হাৰৱাৰ্ড ডেনিচন ডব্লিউ মোমিন’ বুলি ৰাখিছিল। ইয়াৰ অৰ্থ শিক্ষা আৰু ধৰ্মৰ উৎপত্তি। হাৰৱাৰ্ড ডেনিচন ডব্লিউ মোমিনে কলিকতাত পঢ়ি থকা অৱস্থাত তেওঁৰ নাম ‘হাৱাৰ্ড ডেনিচন মোমিন’ নামেৰে সলনি কৰিছিল।

তেওঁৰ ন বছৰ বয়সত কলিকতাৰ সেণ্ট জেমচ ইংলিচ স্কুলত নাম ভৰ্তি কৰা হয়। এইখন স্কুলত পঢ়ি থকা সময়ছোৱাত হাৱাৰ্ড ডেনিচনৰ হাতে অঁকা ছবিখন লণ্ডনত অনুষ্ঠিত হোৱা একাদশ কমনৱেলথ একজিভিচনলৈ পঠিওৱা হৈছিল আৰু হাৱাৰ্ড ডেনিচনে সন্মানজনক পুৰস্কাৰ লাভ কৰিছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ কলিকতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা ১৯৩৪ চনত স্নাতক ডিগ্ৰী লাভ কৰে, ১৯৩৬ চনত ইংৰাজী সাহিত্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ইংৰাজীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা গাৰো সম্প্ৰদায়ৰ ভিতৰত প্ৰথমজন ব্যক্তি আছিল হাৱাৰ্ড ডেনিচন মোমিন।

হাৱাৰ্ড ডেনিচন মোমিনক তুৰাৰ শাসকীয় বিভাগত বিচাৰকৰ্তা নিযুক্তি দিয়া হৈছিল। ১৯৪০ চনত গুৱাহাটীৰ কটন কলেজত ইংৰাজী বিষয়ৰ প্ৰবক্তা হিচাপে যোগদান কৰিছিল। কটন কলেজত কৰ্মৰত অৱস্থাত কিছুসংখ্যক গাৰো ছাত্ৰ-ছাত্ৰীৰ সহযোগত তেওঁ ‘আছিক খুৰাং’ নামৰ আলোচনীখন প্ৰকাশ কৰিছিল।

তেওঁ লিখা কবিতাসমূহৰ ভিতৰত ১৯৪১ চনত ‘গাৰো মাত-বোল’, ‘NANGKO GISIK RAGEN’ (তোমালৈ মনত পৰিব), ‘DO. MA SKINI GIT’ (চাতকী চৰাইৰ গীত), ‘SENGWAT’ (জোনাকী পৰুৱা), ‘ME.CHIK ARO TA-MAKU’ (মাইকী আৰু তবাকু) আৰু ১৯৪২ চনত ‘BILSI GITAL’ (নতুন বছৰ) এইবোৰেই প্ৰধান আছিল।

Q129

হাৱাৰ্ড ডেনিচন মোমিনে ‘আছিক খুৰাং’ নামৰ আলোচনীখন কেতিয়া প্ৰকাশ কৰিছিল?

  1. (1) তেওঁ কটন কলেজৰ ছাত্ৰ থাকোঁতে
  2. (2) তেওঁ কটন কলেজৰ শিক্ষক থাকোঁতেCorrect answer
  3. (3) তেওঁৰ পিতৃ আমেৰিকাত থকা দিনবোৰত
  4. (4) তেওঁৰ পিতৃ আমেৰিকাৰ পৰা উভতি অহাৰ ঠিক পাছতে

Solution.

CBSE answer: (2)

উত্তৰ: (2) তেওঁ কটন কলেজৰ শিক্ষক থাকোঁতে

  1. তেওঁ ১৯৪০ চনত কটন কলেজত ইংৰাজীৰ প্ৰবক্তা হিচাপে যোগদান কৰিছিল।
  2. পাঠত আছে, কটন কলেজত কৰ্মৰত অৱস্থাত কিছুমান গাৰো ছাত্ৰ-ছাত্ৰীৰ সহযোগত তেওঁ 'আছিক খুৰাং' প্ৰকাশ কৰিছিল।

সাৱধান: ছাত্ৰ-ছাত্ৰীয়ে সহায় কৰিছিল, কিন্তু তেওঁ নিজে তাত ছাত্ৰ নাছিল; তেওঁ পঢ়িছিল কলিকতাত।