ছেণ্ট-জাৰমেইন-ড্য-পেঁচ হৈছে
- (1) এগৰাকী প্ৰটেষ্টাণ্ট ছে’ণ্ট বা সন্ত
- (2) এগৰাকী কেথলিক ছে’ণ্ট বা সন্ত
- (3) পেৰিছৰ আটাইতকৈ পুৰণি গীৰ্জা
- (4) নটেৰ-ড্যাম কেথেড্ৰেলৰ পিছতে পেৰিছৰ আটাইতকৈ পুৰণি গীৰ্জা
পেৰিছৰ নটেৰ-ড্যাম কেথেড্ৰেল কিন্তু সবাতোকৈ পুৰণা নহয়। ছেণ্ট-জাৰমেইন-ড্য-পেঁচ গীৰ্জাহে পুৰণা। ইয়াৰ আৰম্ভণি হৈছিল একাদশ শতিকাত। পেৰিছলৈ আহি যদি আপুনি সময় নাপায় আৰু যিকোনো পেৰিছিয়ান মহিলাক সোধে যে মোৰ হাতত সময় বৰ কম, ইয়াৰ ভিতৰতে কি কি চাম বা কি চালে পেৰিছৰ কথা বুজিম, আপুনি হয়তো দহগৰাকীৰ ভিতৰত ন-গৰাকীৰ পৰা উত্তৰ পাব—আইফিল টাৱাৰ, সঁ এলিয়াঁ, লুভ, চিয়েন নদী আৰু নটেৰ-ড্যাম। সঁচাই জানে এই পাঁচবিধ দ্ৰষ্টব্য ঠাই চালে পেৰিছৰ আত্মাক চিনিব পৰা যায়।
এনেহেন বিখ্যাত নটেৰ-ড্যাম গীৰ্জাত আমি চেন নাইবা চিয়েন (অশুদ্ধ উচ্চাৰণ) নদীৰ মাজত দুটা সৰু দ্বীপ এটা ইল ড্য লা চাইট (Ile de la Cite) আনটো ইল ড্য চেঁ লুই (Ile de St. Louis)। প্ৰথমটোতেই অৱস্থিত—এই বিখ্যাত কেথেড্ৰেল। ধৰক আমাৰ গুৱাহাটীৰ বুকুৰ উৰ্বশী-উমানন্দৰ দৰে। কল্পনা কৰি লওক মাথোন দুয়োটা দলং দি সংযোগ কৰা হৈছে—কাছাৰীঘাটৰ পৰা।
আমি নটেৰ-ড্যাম কেথেড্ৰেলত গৈ দেখোঁ প্ৰাৰ্থনা হৈ আছে। আমি সোমাবলৈ অলপ ইতস্ততঃ কৰিছিলো। দুৱাৰ মুখত থকা মানুহ এজনে সুধিলে ভিতৰখন চাব নেকি? মূৰ জোকাৰিলোঁ। সোমাবলৈ দিলে। ভিতৰত সোমাই দেখোঁ বিৰাট কাৰবাৰ। প্ৰায় হেজাৰতকৈ বেছি মানুহে ভিতৰত প্ৰাৰ্থনা কৰি আছে। বেদীৰ ওচৰত প্ৰায় চাৰিটা পিয়ানোত চাৰ্চ মিউজিক বজাইছে। দাঁতিৰ পিনে মমবাতি ৰং-বিৰঙৰ জ্বলাই দিছে। এটা স্বৰ্গীয় পৰিবেশ, এন্ধাৰ-পোহৰৰ, লুকা-ভাকু, সুগন্ধি সুবাসেৰে গোন্ধাই আছে, কিছু মানুহ প্ৰাৰ্থনাত মগ্ন আৰু এই বিয়াগোম কেথেড্ৰেলত আমাৰ নিজকে পৰুৱাৰ দৰে লাগিছে।
প্ৰত্যেকটো স্তম্ভৰ মাজতে এখনকৈ পেইণ্টিং। বিখ্যাত শিল্পীয়ে অঁকা। বেছিভাগ ধৰ্মীয় ছবি। যীশুৰ জীৱনৰ বিভিন্ন ঘটনাক আলম কৰি অঁকা ছবি।
বহু বছৰ আগতে প্ৰথম পেৰিছবাসী, এই সৰু দ্বীপটোত বসবাস কৰিছিল। পেৰিছ সংস্কৃতিৰ বিকাশৰ কেন্দ্ৰ এই নিচেই সৰু দ্বীপটোৱেই নটেৰ-ড্যামত যোৱা দুহাজাৰ বছৰৰ পৰা প্ৰাৰ্থনা কৰা হয়। বৰ্তমানৰ নটেৰ-ড্যাম গীৰ্জাটো ১১৬৩ চনত গথিক আৰ্হিত নিৰ্মাণ কৰা হয়।
ইভে মাজে মাজে বৰ আমোদৰ কথা কয় ঃ “পেৰিছিয়ানবোৰ অলপ আৰামপ্ৰিয়, সকলো কাম ধীৰে-সুস্থিৰে কৰে, গতিকে এই কেথেড্ৰেলটো সজা আৰম্ভ হয় যদিও ১২ শতিকাত, শেষ হয় চৈধ্য শতিকাত, ১৩৪৫ চনত। অৰ্থাৎ মাত্ৰ প্ৰায় দুশ বছৰ লাগে।” (এতিয়ালৈকে ভাবিছিলোঁ অসমকহে লেণ্ড অব্ লাহে লাহে বোলে—এতিয়া দেখিছোঁ পেৰিছবাসীও কম নহয়।)
ছেণ্ট-জাৰমেইন-ড্য-পেঁচ হৈছে
CBSE answer: (3)
উত্তৰ: (3) পেৰিছৰ আটাইতকৈ পুৰণি গীৰ্জা
সাৱধান: (4) বিপৰীত কথা কয়; নটেৰ-ড্যামতকৈও ই পুৰণা।