By signing in you confirm you are 18 or older, or have your parent’s or guardian’s consent.

CTET 7 Feb 2026 Paper 1 Assamese, Question 102

Topic: Poem comprehension

Passage

নিৰ্দেশ : তলৰ কবিতাটো মনোযোগেৰে পঢ়ি তাৰ তলত দিয়া প্ৰশ্নসমূহৰ আটাইতকৈ উপযুক্ত/শুদ্ধ বিকল্পটো নিৰ্বাচন কৰি উত্তৰ কৰাঁ :

আহিছে মানুহ গইছে মানুহ,
মানুহ ময়াপী জীৱ ;
মানুহ সোঁতৰ অন্ত নাইকিয়া,
বুলিলে মৰত কিয় ?
মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে ;
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰমতে।
মানুহেই লগ মানুহেই সঙ্গ
মানুহেই পৰাৎপৰ ;
এই যে পৃথিৱী স্বৰ্গতো অধিক
মানুহৰ নিজাপী ঘৰ।
মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ ;
কৰাঁ কৰাঁ পূজা পাদ্য-অৰ্ঘ্য লৈ,
জয় জয় মানৱ দেৱ।

Q102

‘মানুহ ময়াপী জীৱ’ বোলাৰ অৰ্থ কি?

  1. (1) মানুহ মৰণশীল
  2. (2) মানুহ জীৱশ্ৰেষ্ঠ
  3. (3) মানুহেই সৰ্বেসৰ্বা
  4. (4) মানুহ মায়া-মোহত বন্দীCorrect answer

Solution.

CBSE answer: (4)

উত্তৰ: (4) মানুহ মায়া-মোহত বন্দী

  1. ‘ময়াপী’ শব্দটো ‘মায়া’ৰ পৰা আহিছে; ইয়াৰ অৰ্থ মায়া-মমতাৰে ভৰা বা মায়াত বান্ধ খোৱা।
  2. মানুহ আহে, মানুহ যায়, তথাপি মৰমৰ মায়াই মানুহক বান্ধি ৰাখে; কবিতাটোৰ মূল ভাবো মৰম।

সাৱধান: ‘আহিছে মানুহ গইছে মানুহ’ পঢ়ি মৰণশীল বুলি ভাবিব পাৰি, কিন্তু ‘ময়াপী’ শব্দটোৰ অৰ্থ মায়াৰ লগত জড়িত।