By signing in you confirm you are 18 or older, or have your parent’s or guardian’s consent.

CTET 7 Feb 2026 Paper 1 Assamese, Question 101

Topic: Poem comprehension

Passage

নিৰ্দেশ : তলৰ কবিতাটো মনোযোগেৰে পঢ়ি তাৰ তলত দিয়া প্ৰশ্নসমূহৰ আটাইতকৈ উপযুক্ত/শুদ্ধ বিকল্পটো নিৰ্বাচন কৰি উত্তৰ কৰাঁ :

আহিছে মানুহ গইছে মানুহ,
মানুহ ময়াপী জীৱ ;
মানুহ সোঁতৰ অন্ত নাইকিয়া,
বুলিলে মৰত কিয় ?
মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে ;
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰমতে।
মানুহেই লগ মানুহেই সঙ্গ
মানুহেই পৰাৎপৰ ;
এই যে পৃথিৱী স্বৰ্গতো অধিক
মানুহৰ নিজাপী ঘৰ।
মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ ;
কৰাঁ কৰাঁ পূজা পাদ্য-অৰ্ঘ্য লৈ,
জয় জয় মানৱ দেৱ।

Q101

পাদ্য-অৰ্ঘ্য লৈ কবিয়ে কাক পূজা কৰাৰ কথা কৈছে?

  1. (1) মানুহকCorrect answer
  2. (2) মাতৃক
  3. (3) মাতৃভূমিক
  4. (4) ইষ্টদেৱতাক

Solution.

CBSE answer: (1)

উত্তৰ: (1) মানুহক

  1. শেষৰ পংক্তিকেইটাত কবিয়ে কৈছে, মানুহেই দেৱ, মানুহৰ বাহিৰে আন কোনো নাই।
  2. তাৰ পাছতে ‘কৰাঁ কৰাঁ পূজা পাদ্য-অৰ্ঘ্য লৈ, জয় জয় মানৱ দেৱ’ বুলি মানুহক দেৱতা ৰূপে পূজা কৰিবলৈ কৈছে।

সাৱধান: ‘দেৱ’ শব্দটো দেখি ইষ্টদেৱতা বুলি ভাবিব নালাগে; ইয়াত দেৱ মানে মানৱ।